NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্ৰীয় আৰক্ষী চহিদ দিৱস উপলক্ষে নগাঁৱত মিনি মাৰাথন দৌৰৰ আয়োজন

Posted by: এন ই নাও নিউজ October 20, 2018 11:59 am
21ss1

আজি ২০ অক্টোবৰ শনিবাৰে পুৱা আয়োজন কৰা হয় আৰক্ষীৰ মিনি মাৰাথন দৌৰ। অহা কালি অৰ্থাৎ ২১ অক্টোবৰৰ ৰাষ্ট্ৰীয় আৰক্ষী চহিদ দিৱসৰ সৈতে সংগতি ৰাখি  নগাঁও আৰক্ষীৰ উদ্যোগত  এই মিনি মাৰাথন দৌৰৰ আয়োজন কৰা হৈছে

নগাঁও আৰক্ষীয়ে নগাঁও জিলা আৰক্ষী ছাউনি খেলপথাৰৰ পৰা এই মিনি মাৰাথন দৌৰৰ আৰম্ভণি কৰা হয়। এই মাৰাথন দৌৰৰ শুভাৰম্ভ কৰে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিয়ে।

তদুপৰি আৰক্ষী চহিদ দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা দিন জোৰা কাৰ্যসূচীৰ অন্তৰ্গত এখন ৰচনা প্ৰতিযোগিতাৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰে নগাঁও আৰক্ষীয়ে।

আৰক্ষী অধীক্ষকসহ উচ্চপদস্থ বিষয়াসকলে চহিদ হোৱা আৰক্ষীৰ পৰিয়াল সমূহৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ লোকসকলক সাক্ষাৎ কৰিব বুলি জানিবলৈ দিয়ে।