NORTHEAST NOW (Assamese)
অসম

লিডুত গুণোৎসৱৰ প্ৰস্তুতিত থকা বিদ্যালয়ত  ক্ষতি সাধন দুস্কৃতিকাৰীৰ

Posted by: মানস প্ৰতিম গগৈ October 20, 2018 12:29 pm
IMG_20181020_114654

দুৰ্গোৎসৱ উপলক্ষে বিদ্যালয় বন্ধ থকাৰ সময়ত তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত লিডুৰ লিডু শংকৰদেৱ বিদ্যাপীঠ মধ্য ইংৰাজী বিদ্যালয়ত অচিনাক্ত দুৰ্বৃত্ত দলে প্ৰৱেশ কৰি তাণ্ডৱ চলোৱা ঘটনা আজি পুৱা পোহৰলৈ আহে৷ বিদ্যালয় খনৰ দুটা কাৰ্যালয় কোঠাৰ সা-সামগ্ৰী লণ্ড ভণ্ড কৰে দুস্কৃতিকাৰীয়ে৷

দুস্কৃতিকাৰীৰ তাণ্ডৱত আগন্তুক গুণোৎসৱৰ বাবে প্ৰস্তুতি চলোৱা বিদ্যালয়খনৰ কেইবাটাও গুৰুত্বপূৰ্ণ নথিপত্ৰ আৰু আচবাব নষ্ট কৰি যায়৷

উল্লেখ্য যে দুৰ্গোৎসৱৰ বাবে বিদ্যালয় বন্ধ আছিল৷ আজি বিদ্যালয় খোলাত ছাত্ৰ-ছাত্ৰী, শিক্ষয়িত্ৰী বিদ্যালয়ত উপস্থিত হোৱাত বিদ্যালখনত লণ্ড ভণ্ড হৈ থকা গম পাই হতভম্ব হৈ পৰে৷

দশমীৰ নিশা বিদ্যালয়ৰ টিনপাট, চিলিং ভাঙি প্ৰৱেশ কৰি বিদ্যালয়খনৰ দুটা কাৰ্যালয় কোঠাৰ সা-সামগ্ৰী লণ্ড ভণ্ড কৰে দুৰ্বৃত্তৰ দলটোৱে৷

জানিব পৰা মতে আগন্তুক ১ নৱেম্বৰ তাৰিখৰ পৰা বিদ্যালয়খনত গুণোৎসৱ আছে৷ বিদ্যালয়খনৰ গুণোৎসৱৰ প্ৰস্তুতি বিনষ্ট কৰাত চিন্তিত হৈ পৰিছে শিক্ষক শিক্ষয়িত্ৰীসকল৷

ইতিমধ্যে লিডু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷ পবিত্ৰ শিক্ষানুষ্ঠানত দুস্কৃতিকাৰী দলৰ ক্ষতি সাধন ঘটনাই ক্ষুদ্ধ কৰি তুলিছে স্থানীয় সচেতন লোকসকলৰ লগতে, বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক কৰ্মচাৰীসকলক।