NORTHEAST NOW (Assamese)
অসম

মৌখিক পৰীক্ষাৰ চেলুৰে ৬গৰাকীকৈ ছাত্ৰীক যৌন নিৰ্য্যাতন কৰা শিক্ষকৰ আত্মসমৰ্পণ আৰক্ষীৰ ওচৰত

Posted by: ৰিনয় বসুমতাৰী October 20, 2018 6:18 pm
rape-minor-678x381

মৌখিক পৰীক্ষাৰ সময়ত এগৰাকী এগৰাকীকৈ মাতি নি অকলশৰীয়া অৱস্থাত ৬গৰাকীকৈ ছাত্ৰীক যৌন নিৰ্য্যাতন কৰা কোকৰাঝাৰৰ এজন লম্পট শিক্ষকে আজি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। ভুক্তভোগী ছাত্ৰীকেইগৰাকীৰ অভিযোগৰ পিছত অভিযুক্ত শিক্ষকজন ইমান দিনে পলাতক হৈ আছিল।

আৰক্ষীয়ে জনোৱামতে, ঘটনাটো ঘটিছিল যোৱা ৪ অক্তোবৰত কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ শ্ৰীৰামপুৰস্থিত ছায়নড ইংলিছ মিশ্যনেৰি স্কুলত। উক্ত দিনা পৰীক্ষাৰ সময়ত বিজ্ঞান শিক্ষক ছফিউৰ ৰহমানে এই অপকৰ্ম কৰা বুলি অভিযোগ কৰে ছাত্ৰীকেইগৰাকীয়ে।

মন কৰিব লগীয়া যে ছফিউৰ ৰহমান এ বি এমছুৰ গোসাঁইগাওঁ জিলা সমিতিৰ সভাপতি।

Sofiur Rahman
যৌন নিৰ্য্যাতনৰ অভিযোগত অভিযুক্ত শিক্ষক ছফিউৰ ৰহমান।

নিৰ্যাতিতা ছাত্ৰীকেইগৰাকীৰ অভিভাৱকসকলে যোৱা ৭ অক্টোবৰত শিমুলটাপু আৰক্ষী চকীত ছফিউৰ ৰহমানৰ বিৰুদ্ধে এখন এজাহাৰ দিয়ে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ছফিউৰ ৰহমানৰ বিৰুদ্ধে POCSO আইনৰ অধীনত 423/2018 u/ S 342/506 IPC R/w sec 8 নম্বৰৰ গোচৰ ৰুজু কৰে। ইপিনে অপকৰ্ম সংঘটিত কৰাৰ পাছৰে পৰা অভিযুক্ত শিক্ষক, লম্পট ছফিউৰে পলায়ন কৰাত আৰক্ষীয়ে ইমানদিনে তেওঁক আটক কৰিব পৰা নাছিল।

কিন্তু আৰক্ষীয়ে অভিযুক্তৰ পৰিয়াল তথা এ বি এমছুৰ নেতৃবৰ্গক তীব্ৰ হেঁচা প্ৰয়োগ কৰাৰ ফলস্বৰূপে এপষেকৰ অধিক সময় আত্মগোপন কৰি থকা ছফিউৰ আজি গোসাঁইগাঁও থানাৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয়।

এ বি এমছুৰ জিলা সমিতিৰ সভাপতি পদৰ পৰা অব্যাহতি

আনহাতে এ বি এমছুৱে জনাইছে যে ছগৰাকী স্কুলীয়া ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত অভিযুক্ত এ বি এমছুৰ গোসাঁইগাঁও জিলা সমিতিৰ সভাপতি ছফিউৰ ৰহমানক সাময়িকভাৱে সভাপতি পদৰ পৰা অব্যাহতি দিয়া হৈছে।

এ বি এমছুৰ কেন্দ্ৰীয় আৰু জিলা সমিতিৰ বিষয়ববীয়াসকলে আজিৰ এখন জৰুৰী সভাত এই সিদ্ধান্ত গ্ৰহণ কৰে। এই কথা আজি এখন সংবাদমেল যোগে এ বি এমছুৰ গোসাঁইগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক ছফিৱাল হকে জানিবলৈ দিছে।