NORTHEAST NOW (Assamese)
অসম

বৰ্ষাপাৰাৰ আজিৰ খেল স্মৰণীয় হৈ ৰ’ব এদিনীয়াত অভিষেক ঘটা ঋষভ পন্তৰ বাবে

Posted by: এন ই নাও নিউজ October 21, 2018 6:18 am
Rishabh-Pant

ফলাফল নিৰ্বিশেষে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামৰ আজিৰ খেলখন দুটা কথাৰ বাবে ইতিহাসৰ সাক্ষী হৈ ৰ’ব।

প্ৰথম কথাটো হ’ল ষ্টেডিয়ামখন নিৰ্মাণ হোৱাৰ পিছত আজিৰ খেলখনেই হ’ব ইয়াত অনুষ্ঠিত প্ৰথমখন এদিনীয়া আন্তঃৰাষ্টীয় প্ৰতিযোগিতা।

আনহাতে একেই কাৰণত আজিৰ খেলখন স্মৰণীয় হৈ ৰ’ব আজি অভিষেক ঘটিব লগীয়া ঋষভ পন্তৰ বাবে। যদি মূল একাদশত স্থান পাই তেন্তে পন্তৰ বাবে গুৱাহাটীয়েই হ’ব এদিনীয়াৰ কেৰিয়াৰ আৰম্ভণি বিন্দু।

অৱশ্যেই, ভাৰতীয় দলটো যদি জয়ী হয়, এই ঐতিহাসিক দিনটোৰ সোণত সুৱগা চৰাৰ দৰে কথা হ’ব।

উল্লেখযোগ্য যে ঋষভ পন্তে কেইবামাহ পূৰ্বেই টেষ্ট মেচত অভিষেক ঘটাইছে আৰু এতিয়ালৈকে খেলা ৫খন টেষ্টত মুঠ ৩৪৬ ৰান কৰিছে, যিটো মোটামুটি সন্তোষজনক।

আনহাতে টি-টুৱেণ্টিতো পন্তে ইতিমধ্যে ৪ খন খেলি মুঠ ৭৩ ৰান গোটাইছে।

মূলতঃ উইকেটকীপাৰ হ’লেও কাইলৈ বেটছমেন হিচাপেহে খেলত নামিব পন্ত। কাৰণ অভিজ্ঞ ধোনিয়েই উইকেটৰ পিছফালে দায়িত্ব পালন কৰাটো মেনেজমেণ্টে ইতিমধ্যে নিশ্চিত কৰি থৈছে।

মন কৰিব লগীয়া যে বাওঁহতীয়া বেটছমেন ঋষভ পন্তে ঠাই পাইছে আন এজন উইকেটকীপাৰ দীনেশ কাৰ্তিকৰ ঠাইত, যিজনে ধাৰাবাহিকভাৱে কেইবাখনো খেলত দুৰ্বল প্ৰদৰ্শনৰ ফল ভুগিব লগীয়া হ’ল।