NORTHEAST NOW (Assamese)
অসম

দিখাৰী চাহ বাগিচাৰ হত্যাকাণ্ড : এতিয়ালৈকে ১৫ জনক আটক

Posted by: এন ই নাও নিউজ October 21, 2018 2:37 pm
polices_arrested_-678x381

ডিমৌৰ দাঁতি কাষৰীয়া মৰাণ থানাৰ অন্তৰ্গত দিখাৰী চাহ বাগিচাৰ হত্যাকাণ্ডৰ ঘটনা সন্দৰ্ভত বৰ্তমানলৈকে মৰাণ আৰক্ষীয়ে ১৫ জন লোকক আটক কৰিছে।

পূৰণ প্ৰজা আৰু লক্ষ্মী প্ৰজাৰ হত্যাকাণ্ডৰ লগত জড়িত থকাৰ লগত মৰাণ আৰক্ষীয়ে এই ১৫ জনকৈ লোকক বৰ্তমানলৈকে আটক কৰে।

আটকাধীন লোক কেইজন ক্ৰমে বিকাশ প্ৰজা, ৰামা চুণ্ডি, বিক্ৰম প্ৰজা, জুনু চুণ্ডি, সূৰজ প্ৰজা, অজয় পানিকা, ৰঞ্জন তাতী, বালক চুণ্ডি, পোনা চুণ্ডি, প্ৰেম চুণ্ডি, পবিত্ৰ চুণ্ডি, দেবাৰু প্ৰজা, মলুকা প্ৰজা, বিৰবল চুণ্ডি, আৰু বাদল চুণ্ডি।

উল্লেখযোগ্য যে বৃহস্পতিবাৰ অৰ্থাৎ ১৮ অক্টোবৰৰ নিশা ডিমৌৰ পৰা তিনি কিলোমিটাৰ আঁতৰৰ দিখাৰী চাহ বাগিচা এলেকাত ধৃত জগু প্ৰজাই ভোলা প্ৰজা আৰু ৰমণী প্ৰজা নামৰ দম্পতীহালক নৃশংসভাৱে ঘপিয়াই হত্যা কৰিছিল।

অৱশ্যে পিছত আৰক্ষীয়ে অভিযান চলাই জগু প্ৰজাক ১৯ অক্টোবৰত আটক কৰিবলৈ সক্ষম হৈছিল।

ইফালে এই ঘটনাত সংঘটিত হোৱাৰ পিছতে একাংশ স্থানীয় ক্ষুব্ধ ৰাইজে হত্যাকাৰী জগু প্ৰজাক নাপই জগুৰ ভায়েক পুৰণ প্ৰজাক মৰিয়াই হত্যা কৰাৰ লগতে পিতৃ গুৰু প্ৰজাকো আক্ৰমণ কৰিছিল।

আনহাতে ২০ অক্টোবৰত অৰ্থাৎ কালি হত্যাকাৰীৰ মাক লক্ষী প্ৰজাৰ মৃতদেহ এটা পুখুৰীত উদ্ধাৰ হৈছিল। আৰক্ষীয়ে এই ক্ষেত্ৰত স্থানীয় ৰাইজেই মৰিয়াই হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছিল।