NORTHEAST NOW (Assamese)
অসম

বিধেয়কৰ বিৰোধিতাত খিলঞ্জীয়া জনগোষ্ঠীয়-জনজাতীয় সাহিত্য সভাবোৰক লৈ অসম সাহিত্য সভাৰ গণ অৱস্থান

Posted by: এন ই নাও নিউজ January 13, 2019 7:15 am
Sivasagar: Asom Sahitya Sabha falicitated educationists, social workers on the first day of Assamese new year

মূলত হিন্দু বাংলাদেশীক স্বদেশী কৰিবলৈ কেন্দ্ৰৰ বিজেপি চৰকাৰখনে অনা নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতাত খিলঞ্জীয়া জনগোষ্ঠীয়-জনজাতীয় সাহিত্য সভাসমূহৰ সৈতে সন্মিলিতভাৱে আন্দোলনত নামিব অসম সাহিত্য সভা। ১২ জানুৱাৰিত গুৱাহাটীৰ অসম সাহিত্য সভাৰ কাৰ্যালয়ত অসম সাহিত্য সভা আৰু খিলঞ্জীয়া জনগোষ্ঠীয়-জনজাতীয় সাহিত্য সভাসমূহৰ মাজত অনুষ্ঠিত এখন বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকখনত বড়ো, মিচিং, দেউৰী, কাৰ্বি, ৰাভা, তিৱা, মণিপুৰী আৰু বিষ্ণুপ্ৰিয়া সাহিত্য সভাৰ প্ৰতিনিধি উপস্থিত আছিল। বৈঠকত নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবীত সাহিত্য সভাসমূহে সন্মিলিতভাৱে প্ৰতিবাদী আন্দোলন চলাই যাবলৈ সংকল্প লয়। অহা ১৯ জানুৱাৰিত দীঘলীপুখুৰী পাৰত গণ অৱস্থানৰ কাৰ্যসূচীৰে এই প্ৰতিবাদী আন্দোলন আৰম্ভ হ’ব বুলি সভাৰ সূত্ৰই জানিবলৈ দিয়ে।

সংবাদ মাধ্যমক অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে জনোৱামতে, এই বিতৰ্কিত বিধেয়কখনকে ধৰি ভালেকেইটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰিবলৈ অসম সাহিত্য সভাই কেইবাবাৰো মুখ্য মন্ত্ৰী সোণোৱালক সাক্ষাৎ কৰিব বিচাৰিছিল যদিও মুখ্য মন্ত্ৰীয়ে সাক্ষাতৰ বাবে অনুমতি প্ৰদান নকৰিলে। মুখ্য মন্ত্ৰীজনৰ এনে আচৰণত অসন্তুষ্ট হৈ পৰিছে অসম সাহিত্য সভাৰ সভাপতিগৰাকী।