NORTHEAST NOW (Assamese)
অসম

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত; সন্দেহজনক ডাম্পাৰৰ খুন্দা

Posted by: এন ই নাও নিউজ January 12, 2019 10:46 pm
Debabrata Saikia_2

আজি গোলাঘাট জিলাৰ কমাৰগাঁৱৰ বচাপথাৰত অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি তথা কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ গাড়ীত এখন নম্বৰপ্লেট বিহীন ডাম্পাৰে খুন্দা মাৰে। তেওঁৰ এ এছ ০১ ডি ভি ৫৮১৯ নম্বৰৰ মহিন্দ্ৰা গাড়ীখন আৰু ডি এল-৩ চি বি ডি-১১৯৪ নম্বৰৰ ইন’ভা গাড়ীখনত ডাম্পাৰখনে খুন্দা মাৰে।

দুৰ্ঘটনাৰ ফলত দুয়োখন বাহনেই সামান্য পৰিমাণে ক্ষতিগ্ৰস্ত হয় যদিও গাড়ীত থকা শইকীয়া আৰু তেওঁৰ পত্নী বিশেষ আঘাত নোপোৱাকৈ ৰক্ষা পৰে বুলি জানিবলৈ দিছে শইকীয়াই।

আনহাতে শিলভৰ্তি ডাম্পাৰখনক লৈও সন্দেৰ উদ্ৰেক হৈছে। ডাম্পাৰখনে শিল কঢ়িওৱাৰ চালান দেখুৱা পৰা নাছিল বুলি নিজৰ ফেইচবুক ষ্টেটাছত লিখে বিৰোধী দলপতিজনে। ইয়াক বন বিভাগত চলি থকা অবৈধ ছিণ্ডিকেটৰ নমুনা হ’ব পাৰে বুলি সন্দেহ কৰিছে শইকীয়াই।

“গাড়ীখনৰ শিল কঢ়িওৱা পাৰ্মিত চালকে দেখাব পৰা নাই। সদায় কৈ থকা অবৈধ ছিণ্ডিকেটৰ অংশ কিজানি।” নিজৰ পোষ্টত কয় দেৱব্ৰত শইকীয়াই।