NORTHEAST NOW (Assamese)
অসম

তেজপুৰৰ গণেশঘাটত আৰক্ষী জোৱানৰ মৃতদেহ উদ্ধাৰ; হত্যাৰ সন্দেহ

Posted by: এন ই নাও নিউজ October 24, 2018 6:45 pm

ৰাজ্যখনৰ প্ৰতিখন জিলাৰ লোকে আজিৰ দিনটোত লক্ষী পূজা পালন কৰাৰ সময়তে তেজপুৰৰ গণেশঘাটত এজন আৰক্ষী জোৱানৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

গণেশঘাটত উদ্ধাৰ হোৱা আৰক্ষী জোৱানজন চতিয়াৰ কৰতিগাঁৱৰ নিৱাসী মিণ্টু বৰা বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।

মনকৰিব লগীয়া যে মৃতদেহটো উদ্ধাৰৰ সময়ত মৃতদেহৰ মুখমণ্ডলত স্পষ্ট ৰূপত আঘাতৰ চিন দেখা পোৱা গৈছে। গতিকে এই সমগ্ৰ ঘটনাটো হত্যা নে আত্মহত্যা সেয়া এক ৰহস্যৰ আৱৰ্তত।

ইফালে মৃতদেহৰ কাষত সুৰাৰ বটল উদ্ধাৰ হোৱাত একাংশ স্থানীয় লোকে নিশা কোনো লোকৰ সৈতে সুৰাপান কৰাৰ পিছত কাজিয়াত লিপ্ত হৈও মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।

ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু তদন্তৰ অন্ততহে ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব।