NORTHEAST NOW (Assamese)
Popular Stories

শিঙিমাৰীত ভয়ংকৰ হত্যাকাণ্ড; বঠিৰে ডিঙি ৰেপি গছত ওলোমাই থলে যুৱকক

Posted by: মৃদুল প্ৰীতম ডেকা October 24, 2018 5:16 pm
Singimari

ভাৰতীয় ষ্টেট বেংকৰ দদৰা শাখাৰ বিষয়া জুনু শৰ্মাক ৰাজপথত গুলীয়াই হত্যা কৰা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাঁওতে এইবাৰ আন এটা নৃশংস ঘটনাই কঁপাইছে কামৰূপ জিলাক। শিঙিমাৰীত সংঘটিত উক্ত ঘটনাত দুৰ্বৃত্তই বঠিৰে ডিঙি ৰেপি এজন যুৱকক হত্যা কৰে।

নিহত যুৱকজনক শিঙিমাৰীৰ যোগেশ বৰ্মন বুলি চিনাক্ত কৰা হৈছে। উল্লেখযোগ্য যে দুৰ্বৃত্তই বৰ্মনক হত্যা কৰি গছত ওলোমাই থৈ যায়। স্থানীয় লোকে গছত যুৱকজনৰ তেজেৰে তুমুৰলি মৃতদেহ প্ৰতক্ষ কৰাৰ পিছতে অঞ্চলজুৰি এক হাহাকাৰ লাগে।

উল্লেখযোগ্য যে কালি নিশা নিজৰ ঘৰৰ কোঠাতে কোনো লোকে তেওঁক হত্যা কৰে। দদৰা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত যোগেশৰ ভাতৃ ইন্দ্ৰ বর্মনক আটক কৰি তদন্ত আৰম্ভ কৰিছে। যুৱকজনৰ কোঠাৰ পৰা এখন তেজ লগা বঠি উদ্ধাৰ হৈছে। স্থানীয় লোকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰিছে।

লক্ষ্মী পূজাৰ দিনটোতে কামৰূপৰ শিঙিমাৰীত সংঘটিত নৃশংস হত্যাকাণ্ডই অঞ্চলটোত পূজাৰ আনন্দ ম্লান কৰি পেলায়।