NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰত লক্ষ্মী পূজাৰ প্ৰস্তুতি : বজাৰত ক্ৰেতাৰ ভীৰ

Posted by: ৰিদিপ শৰ্মা October 24, 2018 5:45 pm
Screenshot_20181024_171011

আজি লক্ষ্মী পুজা। সমগ্ৰ ৰাজ্যৰ লগতে কলিয়াবৰতো বিভিন্ন প্ৰান্তত ৰাজহুৱাকৈ লক্ষ্মী পূজাৰ আয়োজন কৰাৰ লগতে নিজ নিজ গৃহতো গৃহস্থই লক্ষ্মীপূজাৰ আয়োজনকলৈ সকলো ব্যস্ত হৈ পৰিছে।

আজি পুৱাৰ পৰাই কলিয়াবৰৰ বিভিন্ন বজাৰ সমূহৰ দৰে অতিকৈ ব্যস্ততা পূৰ্ণ ব্যৱসায়ৰ কেন্দ্ৰ স্বৰূপ জখলাবন্ধাৰ বজাৰতো লক্ষী প্ৰতিমাকে ধৰি পুজাৰ বিভিন্ন সামগ্ৰী ,মাটি চাকি, মলা, ধূপদানীৰ লগতে,ফুল, নাৰিকল, আপেল, নাচপতি আদি কৰি বিভিন্ন ফল-মূলেৰে বজাৰ ভৰি পৰা দেখা গৈছে। সেই অনুপাতে বজাৰত গ্ৰাহকৰ ভীৰ হোৱাও পৰিলক্ষিত হৈছে।

ব্যৱসায়ীসকলে জানিবলৈ দিয়া অনুসৰি যোৱা কালি অৰ্থাৎ মঙ্গলবাৰে অসম বন্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত আজি বজাৰত গ্ৰাহকৰ ভিৰ যথেষ্ট বৃদ্ধি পাইছে আৰু বিগত বৰ্ষতকৈ এইবাৰ বজাৰ যথেষ্ট ভাল বুলিও জানিবলৈ দিয়ে। কিছু কিছু গ্ৰাহকে সামগ্ৰীৰ মুল্য যথেষ্ট হোৱা বুলি জানিব দিছে।

মূল্যবৃদ্ধিৰ প্ৰভাৱ পৰিছে যদিও সমগ্ৰ দেশৰ লগতে কলিয়াবৰতো বিভিন্ন প্ৰান্তত ৰাজহুৱাকৈ লক্ষ্মী পূজাৰ আয়োজন কৰাৰ লগতে নিজ নিজ ঘৰতো লক্ষী পূজাৰ আয়োজনত ব্যস্ত হৈ পৰিছে।