NORTHEAST NOW (Assamese)
অসম

নগাঁৱৰ বটদ্ৰৱাত পানীত পৰি ২ বছৰীয়া কন্যা শিশুৰ মৃত্যু

Posted by: মিণ্টু দাস October 25, 2018 9:07 am
Nagaon

নগাঁৱত কালি অৰ্থাৎ ২৪ অক্টোবৰৰ আৱেলি সংঘটিত এক শোকাৱহ ঘটনাত এটি কন্যা শিশুৰ শলিল সমাধি ঘটে। নগাঁৱৰ বটদ্ৰবা থানাৰ অন্তৰ্গত বটদ্ৰৱা ভেলেউগুৰিৰ কেৰিমেৰিত উক্ত ঘটনাটো সংঘটিত হয়।

নিহত শিশুটিক বটদ্ৰৱাৰ বেছামাৰী গাঁৱৰ মোক্তাৰ হুছেইন কবিৰৰ ২ বছৰীয়া কন্যা মাহিন আহমেদ বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে, ভেলেউগুৰিৰ কেৰিমেৰিত থকা ককাকৰ ঘৰত ফুৰিবলৈ অহা মাহিন কালি আৱেলি ঘৰৰ লগত থকা পুখৰীত পৰি আকস্মিকভৱে মৃত্যুক আঁ‌কোৱালি ল’ব লগা হয়। পৰিয়ালৰ লোকে শিশুটিক নগাঁৱৰ অসামৰিক চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

এইদৰে অকালতে পানীত পৰি এটি কন্যা শিশুয়ে মৃত্যুক আঁ‌কোৱালি ল’ব লগা হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত এক শোকাকূল পৰিৱেশৰ সৃষ্টি কৰে।