NORTHEAST NOW (Assamese)
অসম

আজি মাজ নিশা প্ৰকাশ পাব এন আৰ চিৰ প্ৰথমখন খচৰা : শংকিত নহ’বলৈ ৰাজ্যবাসীক মুখ্য মন্ত্ৰীৰ আহ্বান

Posted by: এন ই নাও নিউজ December 31, 2017 9:13 pm

বহু প্ৰত্যাশিত তথা বহু চৰ্চিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কামে ইতিমধ্য এটা গুৰুত্বপূৰ্ণ পৰ্য্যায় অতিক্ৰম কৰিছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি আজি ৰাতি ১২ বজাৰ ঠিক পিছতে প্ৰকাশ পাব এন আৰ চিৰ প্ৰথমখন খচৰা। অৱশ্যে খচৰ প্ৰকাশৰ প্ৰাক মুহূৰ্তত অসমৰ জনসাধাৰণৰ মাজত যিমান উৎকণ্ঠা থাকিব পাৰে বুলি ভবা হৈছিল সিমান উৎকণ্ঠা চকুত পৰা নাই।

আনহাতে এই ক্ষেত্ৰত অসমৰ জনসাধাৰণক অপ্ৰয়োজনীয় উত্তেজনা পৰিহাৰ কৰি চলিবলৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আহ্বান জনাইছে। এন আৰ চিৰ পৰা কোনো লোকৰ নাম বাদ পৰিলেও শংকিত নহ’বলৈ তেওঁ আহ্বান জনাই এই ক্ষেত্ৰত চৰকাৰে সকলো পক্ষকে প্ৰয়োজনীয় সহায় কৰিব বুলি আশ্বাস দিছে।

আনহাতে nenow.in ৰ তৰফৰ পৰা এন আৰ চি কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি জনসাধাৰণৰ সহায় হোৱাকৈ এক ভিডিঅ’ প্ৰস্তুত কৰা হৈছে। তলত এই ভিডিঅ’টো সাঙুৰি দিয়া হ’ল।