NORTHEAST NOW (Assamese)
অসম

এন আৰ চি : আজি কৰ্তন কৰা নথি সন্দৰ্ভত পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন দিব প্ৰতীক হাজেলাই

Posted by: এন ই নাও নিউজ October 27, 2018 10:29 am
NRC-750x375

এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ উপস্থিতিত শুকুৰবাৰে নতুন দিল্লীত গৃহ মন্ত্ৰ্যালয়ত এখন বিশেষ বৈঠক অনুষ্ঠিত হয়। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আয়োজিত বৈঠকখনত হাজেলাই নাগৰিকপঞ্জী উন্নীতকৰণৰ সমগ্ৰ প্ৰক্ৰিয়াটো সম্পৰ্কে অৱগত কৰে।

হাজেলাই ১৯৫১ চনৰ নাগৰিকপঞ্জীৰ নমুনা প্ৰদৰ্শন কৰি বৰ্তমান কিদৰে নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম চলি আছে তাক ‘পাৱাৰ পইণ্ট’যোগে উপস্থাপন কৰে। তদুপৰি, এইক্ষেত্ৰত তেওঁ সন্মুখীন হোৱা সমস্যাসমূহৰ কথাও উল্লেখ কৰে। আনহাতে, শুকুৰবাৰে সময়ৰ অভাৱত এই বৈঠক সমাপ্ত নহ’ল।

আনহাতে, আজি পুৱা ১০.৩০ বজাৰ পৰা এই বৈঠক পুনৰ অনুষ্ঠিত হ’ব। আজিৰ বৈঠকত হাজেলাই নাগৰিকপঞ্জী উন্নীতকৰণৰ ওজৰ-আপত্তি দাখিলৰ ক্ষেত্ৰত পূৰ্বৰ পাঁচবিধ নথি কৰ্তন কৰা সন্দৰ্ভত যুক্তি দাঙি ধৰিব।

শুকুৰবাৰৰ বৈঠকত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা, জ্যেষ্ঠ অধিবক্তা কপিল ছিবাল, অসমৰ মুখ্য সচিব আলোক কুমাৰ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আইনী উপদেষ্টা শান্তনু ভঁৰালী, মহাপঞ্জীয়ক শ্ৰী শৈলেশ, কেন্দ্ৰীয় গৃহ দপ্তৰৰ উত্তৰ-পূবৰ দায়িত্বত থকা যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গসহ গৃহ দপ্তৰৰ বহুকেইজন শীৰ্ষ বিষয়া উপস্থিত আছিল।

উল্লেখযোগ্য যে ২৩ অক্টোবৰত উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত শুনানিত ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই আদালতত বন্ধ খামত দুখন প্ৰতিবেদন জমা দিছিল। ইয়াৰে এখন প্ৰতিবেদন আছিল গোপনীয়। হাজেলাই আনখন প্ৰতিবেদনত পাঁচবিধ নথি কৰ্তনৰ সপক্ষে বিভিন্ন যুক্তি প্ৰদান কৰিছিল।

আনহাতে, ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ৰহিন্তন ফলি নৰিমানৰ খণ্ড বিচাৰপীঠখনে  হাজেলাক পাৱাৰ পইণ্ট উপস্থাপনৰ যোগেদি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক কি কাৰণত পাঁচবিধ নথি কৰ্তন কৰা হৈছে আৰু কিদৰে নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম চলি আছে সেই সম্পৰ্কে বিতংভাৱে বুজাই দিয়াৰ নিৰ্দেশ দিছিল।