NORTHEAST NOW (Assamese)
অসম

শংকিত থলুৱা ব্যৱসায়ী; ভাৰত ব্যাপাৰ বন্ধৰ সৰ্বাত্মক প্ৰভাৱ শিৱসাগৰত

Posted by: পাৰ্শ্বজ্যোতি গগৈ September 28, 2018 7:48 pm
Bharat Bandh

দেশৰ খুচুৰা ব্যৱসায়ত বিদেশী প্ৰত্যক্ষ বিনিয়োগ বন্ধ কৰা আৰু ৱালমাৰ্ট-ফ্লিপকাৰ্টৰ চামিলকৰণ বন্ধ কৰি খুচুৰা ব্যৱসায়ীৰ স্বাৰ্থ ৰক্ষা কৰাৰ দাবীৰে দেশৰ লগতে শিৱসাগৰতো বন্ধ থাকিল ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহ।

কনফেডাৰেশ্যন অব অল ইণ্ডিয়া ট্ৰেডাৰ্ছে আহ্বান জনোৱা ‘সদৌ ভাৰত ব্যাপাৰ বন্ধ’ৰ প্ৰতি সঁহাৰি জনাই ৰাজ্যৰ বিভিন্ন ব্যৱসায়ীক সংগঠনৰ লগতে অসম চেম্বাৰ্চ অব কমাৰ্চৰ সহযোগত আহ্বান জনোৱা ভাৰত ব্যৱসায় বন্ধৰ শিৱসাগৰত প্ৰভাৱ সৰ্বাত্মক প্ৰভাৱ পৰিলক্ষিত হয়।

বন্ধৰ সময়ছোৱাত শিৱসাগৰ নগৰ আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলৰ সকলো ধৰণৰ বজাৰ সমাৰ, দোকান পোহাৰ, হোটেল আৰু পেট্ৰল পাম্পসমূহ স্বৰ্ত:স্ফুটভাৱে বন্ধ হৈ পৰে।

তদুপৰি অনলাইন ফাৰ্মাচিবোৰক চৰকাৰে বৈধতা দিয়াৰ সিদ্ধান্তৰ প্ৰতিবাদত গোটেই দেশজুৰি ঔষধ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী সকলে জনোৱা দিনজোৰা ধৰ্মঘটৰ ফলত ঔষধৰ দোকান সমূহো বন্ধ থাকে।

উল্লেখযোগ্য যে দেশৰ খুচুৰা ব্যৱসায়ত প্ৰত্যক্ষ বিদেশী বিনিয়োগ বন্ধ কৰা আৰু ৱালমাৰ্ট-ফ্লিপকাৰ্টৰ চামিলকৰণ বন্ধ কৰা দাবীক লৈ কনফেডাৰেশ্যন অব ইণ্ডিয়া ট্ৰেডাৰ্ছে দেশৰ বিভিন্ন ব্যৱসায়িক সংগঠনৰ সহযোগত আজি পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ সদৌ ভাৰত ব্যাপাৰ বন্ধৰ আহ্বান জনাইছিল।