NORTHEAST NOW (Assamese)
অসম

বৰযাত্ৰী বাছে মহতিয়াই নিলে নিজৰ পদূলিত ৰৈ থকা মহিলাক, নিহত দৰাৰ ভায়েক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 29, 2019 1:13 pm
Accident

বঙাইগাঁও জিলাৰ অভায়াপুৰীৰ শিঙিমাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি ৰাতিপুৱা সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। এখন বৰযাত্ৰী কঢ়িওৱা বাছ দুৰ্ঘটনাগ্ৰস্ত হোৱাত মৃত্যুমুখত পৰে দুজনকৈ লোক। লগতে আহত হয় প্ৰায় ৩০ গৰাকী যাত্ৰী।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে যোৰহাটৰ পৰা ধুবুৰীৰ গৌৰীপুৰলৈ এ এচ ০৩ বিচি ৬৫৬৬ নম্বৰৰ বৰযাত্ৰী কঢ়িওৱা বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত ৰৈ থকা এগৰাকী মহিলাক মহতিয়াই এডাল গছত খুন্দা মাৰে। যাৰ ফলত থিতাতে নিহত হয় পথচাৰি জুনু ৰায় (৪০) আৰু দৰাৰ ভায়েক বেদান্ত দাস(৯)।

দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত হোৱা লোকসকলক লগে লগে স্থানীয় ৰাইজৰ সহযোগত বঙাইগাঁও অসামৰিক চিকিৎসালয় আৰু অভায়াপুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। জানিব পৰা মতে ইয়াৰে দুজনৰ অৱস্থা সংকটজনক।

তীব্ৰ বেগত আহি থকা দুৰ্ঘটনাগ্ৰস্ত বাছখনে নিজৰ পদূলিমূৰতে থিয় হৈ থকা জুনু ৰায় নামৰ মহিলা গৰাকীক খুন্দিয়াই বুলি একাংশ প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে।