NORTHEAST NOW (Assamese)
অসম

শুৱালকুছি নদী আৰক্ষীয়ে পুৰি উছন কৰিলে কেইবা বিঘা ভাঙৰ খেতি

Posted by: মৃদুল প্ৰীতম ডেকা October 29, 2018 2:13 pm
maxresdefault

চৰ অঞ্চলৰ পৰা নিয়ন্ত্ৰিত হয় ৰাজ্যৰ গাঞ্জাৰ বৃহৎ অবৈধ ব্যৱসায়। কামৰূপৰ ব্ৰহ্মপুত্ৰৰ ক্ষেত্ৰপাৰা চৰত শুৱালকুছি নদী আৰক্ষীৰ অভিযানত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য।

শুৱালকুছি নদী আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া দিলীপ দলেৰ নেতৃত্বত চলা এক অভিযানত কেইবা বিঘা ভূমিত কৰা অবৈধ ভাঙৰ খেতি পুৰি নষ্ট কৰা হ’ল। একাংশ প্ৰভাৱশালী লোকৰ চত্ৰ ছায়াতে এইদৰে মহানগৰীৰ পাৰ্শ্বৱৰ্তী চৰাঞ্চলত চলি আছে লাখ লাখ টকাৰ ভাঙৰ খেতি।

অবৈধ ভাঙৰ বিৰুদ্ধে চলোৱা অভিযানটোৰ নেতৃত্ব দিয়া বিষয়া দিলীপ দলেই জানিবলৈ দি কয় যে এই চৰ অঞ্চলত উৎপাদিত অবৈধ ভাং ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্যলৈ ৰপ্তানী হয়।

কেৱল ক্ষেত্ৰপাৰা চৰতে নহয় বহু চৰত এনেদৰে চলি আছে এই নিষিদ্ধ গাঞ্জাৰ খেতি তথা ব্যৱসায়। ইফালে আৰক্ষীয়ে চলোৱা অভিযানৰ উমান পাই অবৈধভাৱে গাঞ্জাৰ ৰমৰমীয়া ব্যৱসায় চলাই অহা গাঞ্জা মাফিয়া কেইজন পলাই যায়। গাঞ্জা মাফিয়া কেইজনৰ সন্ধানত শুৱালকুছি নদী আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰখা বুলি জানিবলৈ দিয়ে।