NORTHEAST NOW (Assamese)
অসম

হাইলাকান্দিৰ কাটাখাল নৈত নাও দুৰ্ঘটনা; ৩জন সন্ধানহীন

Posted by: ৰাহুল চক্ৰৱৰ্তী October 29, 2018 4:34 pm

দেওবাৰে নিশা হাইলাকান্দিৰ কাটাখাল নৈত এক নাও দুৰ্ঘটনা সংঘটিত হৈ তিনিগৰাকীকৈ লোক সন্ধানহীন হৈ আছে। সন্ধানহীন লোককেইজনক বিচাৰি এছ আৰ ডি এফ বাহিনীৰ লোকে অভিযান অব্যাহত ৰাখিছে।

প্ৰাপ্ত তথ্য মতে প্ৰচণ্ড বতাহ বৰষুণ দি থকাৰ সময়তে হাইলাকান্দিৰ লালামুখ ফেৰীঘাটত ৩০ গৰাকীকৈ যাত্ৰী কঢ়িয়াই নিয়া উক্ত নাওখন দুৰ্ঘটনাত পতিত হয়।

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বাহিনী চমুকৈ এছ আৰ এফ ডিয়ে স্থানীয় লোকসকলৰ সৈতে মিলি ইয়াৰ ২৭ জন লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও ৩ গৰাকী লোক এতিয়াও সন্ধানহীন হৈ আছে।

সন্ধানহীন লোককেইজনক সুমিত পাশি, অজয় পাশি আৰু ৰমেশ পাশি বুলি চিনাক্ত কৰা হৈছে। আটাইকেইগৰাকীয়ে লালমুখ চাহ বাগিচাৰ বাসিন্দা।

আনহাতে এক সূত্ৰৰ পৰা জানিব পৰা মতে ঘটনা সন্দৰ্ভত সোধ পোচৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱা উক্ত ফেৰীঘাটতটোৰ লেছী গৰাকীক আৰক্ষীয়ে নিজৰ জিম্মাত লৈছিল।