NORTHEAST NOW (Assamese)
অসম

দ্বীপ ৰাষ্ট্র শ্ৰীলংকাত আঁতৰা নাই সংকট: নিযুক্তিৰ এদিন পিছতে পদত্যাগ বিত্ত মন্ত্ৰী চাব্ৰীৰ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী April 5, 2022 1:59 pm

অৰ্থনৈতিক সংকটে গ্ৰাস কৰা শ্ৰীলংকাত দেশ খনৰ ৰাষ্ট্ৰপতিয়ে কালি চাৰিগৰাকী মন্ত্ৰীক নিযুক্তি দি সাংবিধানিক সংকট দূৰ কৰাৰ চেষ্টা কৰিছিল যদিও সেই চেষ্টা যেন ব্যৰ্থ হোৱাৰ উপক্ৰম হৈছে।

কালি পুনৰ বিত্তমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱা আলি চাব্ৰীয়ে নিযুক্তি লাভৰ ২৪ ঘণ্টাৰ পিছতেই পদত্যাগ কৰিছে।

দেশৰ শেহতীয়া অৰ্থনৈতিক সংকটৰ পৰা সহজে নিস্তাৰ পোৱাৰ বাট নেদেখিয়েই চাব্ৰীয়ে পদত্যাগৰ সিদ্ধান্ত লয়।

চাব্ৰীয়ে ৰাষ্ট্ৰপতিলৈ লিখা এখন পত্ৰত কয়, “মই ইয়াৰ দ্বাৰা তাৎক্ষণিক ভাৱে বিত্ত মন্ত্ৰীপদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছো,”।

তেওঁ দেশৰ শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততে নতুন বিত্ত মন্ত্ৰী এগৰাকীক নিযুক্তি দিয়াটো সমীচিন হ’ব বুলি পত্ৰ খনত প্ৰকাশ কৰে।

উল্লেখ্য সোমবাৰে ৰাষ্ট্ৰপতি ৰাজপাক্ষেই নিযুক্ত প্ৰদান কৰা চাৰিজন নতুন মন্ত্ৰীৰ ভিতৰত চাব্ৰীও এজন আছিল।

শ্ৰীলংকাই বৰ্তমান দেশ খনৰ ইতিহাসৰ আটাইতকৈ ভয়ংকৰ অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে।

ইন্ধন, ৰন্ধন গেছ, অত্যাৱশ্যকীয় সামগ্ৰী আদিৰ অত্যধিক মূল্যবৃদ্ধি তথা নাটনিৰ লগতে বিদ্যুতৰ যোগানো অনিয়মীয়া হৈ পৰাত দেশবাসীৰ স্বাভাৱিক জীৱনয্তাৰা ব্যহত হৈ পৰিছে।