NORTHEAST NOW (Assamese)
অসম

অসহায়! দুটি শিশুৰ পিতৃ-মাতৃৰ সন্ধান বিচাৰি সংবাদমাধ্যমৰ কাষ চাপিছে বিশ্বনাথৰ শিশু সুৰক্ষা গোট

Posted by: কাজি জেইদুল ইছলাম, বিশ্বনাথ Updated by: কাজি জেইদুল ইছলাম, বিশ্বনাথ April 5, 2022 11:40 am

পখিলা খেদা বয়সত পিতৃ মাতৃৰ সন্ধান বিচাৰি দিন ৰাতি পাৰ কৰিছে দুটি শিশুৱে। যি সময়ত এজন শিশুৱে লগৰ সমনীয়া আৰু পিতৃ-মাতৃৰ সৈতে শৈশৱ কাল অতিবাহিত কৰে, সেই সময়ত একাংশ শিশুৱে শৈশৱৰ অতিকৈ স্মৰণীয় সময়খিনি পাৰ কৰিবলগীয়া হৈছে শিশু গৃহত।

কেমেৰাৰ সন্মুখত মুক্ত মনে গান গোৱা এই দুই শিশুৰ জীৱন গাথা শুনিলে আপোনাৰো চকু সেমেকি উঠিব। কুমলীয়া বয়সতে জীৱনৰ অভিজ্ঞতাই হেজাৰ চিন্তাৰে আগুৰি থকা সত্বেও প্ৰত্যাহ্বান জনাই এই দুই শিশুৱে আগুৱাই য়োৱাৰ প্ৰয়াস কৰিছে।

লগতে পঢ়ক: চিৰাঙত আৰক্ষীৰ গুলীত নিহত ডকাইতি কাণ্ডত জড়িত দুই প্ৰাক্তন এনএলএফবি সদস্য

শিশু দুটিৰ এজনৰ নাম অজয় আৰু আনজনৰ নাম শিবা। দুয়ো দিশহাৰা, আজি পৰিচয় বিচাৰি উদ্বাউল। প্ৰায় ছয় মাহ ধৰি বিশ্বনাথ চাৰিআলিৰ শিশু গৃহত শিশু দুটিক ৰখা হৈছে যদিও এই পৰ্যন্ত পিতৃ-মাতৃৰ সন্ধান নাই। অজয়ে আজি পৰ্যন্ত নিজৰ পিতৃ-মাতৃক চিনি নাপায়। আনহাতে, শিবাই নিজৰ পিতৃ-মাতৃক চিনি পায় যদিও আজি পৰ্যন্ত পিতৃ-মাতৃৰ সন্ধান নাপালে।

ইয়াৰ মাজতে সংবাদমাধ্যমৰ কাষ চাপিছে বিশ্বনাথৰ জিলা শিশু সুৰক্ষা গোট। নিজৰ পিতৃ-মাতৃ আৰু ঘৰৰ ঠিকনা জ্ঞাত নোহোৱা শিশু দুটিক কেইমাহমান পূৰ্বে আৰক্ষীয়ে পৃথক পৃথক স্থানত উদ্ধাৰ কৰি চমজাই দিছিল বিশ্বনাথ জিলা সুৰক্ষা গোটক। শিশু সুৰক্ষা গোটে আশ্ৰয়হীন শিশু দুটিক বিশ্বনাথ চাৰিআলিৰ গ্ৰামীণ শিশু গৃহত আশ্ৰয় দি আহিছে ৷

লগতে পঢ়ক:ৰাহুল গান্ধীক ইচ্ছাপত্ৰৰ জৰিয়তে নিজৰ সকলো সম্পত্তি লিখি দিলে এগৰাকী মহিলাই

সময় বাগৰিল যদিও আজি পৰ্যন্ত সন্ধান নোলাল পিতৃ-মাতৃৰ বা পৰিয়ালৰ। সেয়ে, শিশু দুটিৰ পিতৃ-মাতৃৰ সন্ধান নেপালে তিনিমাহৰ পিছত আইনী প্ৰক্ৰিয়াৰে আগ্ৰহী লোকক অভিভাৱক হিচাপে শিশু দুটিৰ দায়িত্ব দিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব জিলা শিশু সুৰক্ষা গোটে৷