ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ ২০১৭ত উজলিল অসমৰ বৰ্ষা গগৈ
Posted by: অভিক চক্ৰবৰ্তী
January 1, 2018 9:04 pm

ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিভাগে আয়োজন কৰা ২৫ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ-২০১৭ত অসমৰ বৰ্ষা গগৈৰ প্ৰকল্পই শীৰ্ষ ১৫ টা বিজ্ঞান প্ৰকল্পৰ মাজত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। চাবুৱাৰ আমগুৰি মোৰ্হনি গাৱঁৰ নিবাসী অজয় গগৈ আৰু ৰূপজ্যোতি গগৈৰ কন্যা বৰ্ষা গগৈ চাবুৱাৰ অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰণীৰ ছাত্ৰী।জিতু প্ৰসাদ গগৈৰ নেতৃত্বত বৰ্ষা গগৈ আৰু তেওঁৰ সহযোগী অংশুমান দত্ত, জিন্তু গগৈ, ম্ৰিন্ময় গগৈ, গীতাৱলি গগৈয়ে সাজি উলিওৱা প্ৰকল্পটোৰ বিষয় হৈছে ‘ বিষেশ ভাবে সক্ষম লোকৰ বাবে এটা অধ্যয়ন কেন্দ্ৰৰ উদ্ভাৱন’। উল্লেখযোগ্য যে ২৭ৰ পৰা ৩১ ডিচেম্বৰলৈ আহমেদাবাদৰ বিজ্ঞান নগৰীত অনুষ্ঠিত উক্ত সমাৰোহখনত বৰ্ষা গগৈ আৰু তেওঁৰ দলৰ প্ৰকল্পটোৱে মুঠ ৬৩৮ প্ৰকল্পৰ পৰা নিৰ্বাচিত হৈ শ্ৰেষ্ঠ ১৫ প্ৰকল্পৰ মাজত স্থান লাভ কৰিবলৈ সক্ষম হয়। আনহাতে ৰাজ্য তথা জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনা শিশু বিজ্ঞানী দলটোৰ লগতে তেওঁলোকক নেতৃত্ব দিয়া জিতু প্ৰসাদ গগৈ আৰু বৰ্ষা গগৈৰ শিক্ষক গৰিমা দত্তক ডিব্ৰুগড় জিলা উদ্যোক্তা সমিতিয়ে সম্বৰ্ধনা জনায়।
You may also like
অসম
ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব; জানি লওক সঠিক নিয়ম
ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰাটো এটা সন্মানজনক কৰ্তব্য। একে সময়তে ই গুৰুত্বপূৰ্ণও। এইটো সদায় কিছুমান নিয়ম অনুসৰি কৰিব লাগে। দেশৰ সন্মান আৰু…
এন ই নাও নিউজ, গুৱাহাটী · August 14, 2025 6:00 pm
অসম
অন্য এক মহেন্দ্ৰ সিং ধোনী! সন্ন্যাসীৰ বেশত ভাইৰেল ‘কেপ্টেইন কুল’ৰ নতুন অৱতাৰ
টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সি ধোনীক এইবাৰ দেখা গৈছে অন্য এক ৰূপত। ষ্টাৰ স্পোৰ্টছ ইণ্ডিয়াৰ টুইটাৰত পোষ্ট কৰা এখন ছবি আৰু…
এন ই নাও নিউজ · March 14, 2021 1:04 pm
অসম
বঙাইগাঁৱত ড্ৰাগছসহ যুৱক আটক, জে’ললৈ প্ৰেৰণ
বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত ডাউকীঝাৰৰ পৰা বঙাইগাঁও আৰক্ষীয়ে ড্ৰাগছসহ এজন যুৱকক আটক কৰিছে ৷ বঙাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতি লাহনে…
প্ৰণৱ কুমাৰ ডেকা · June 11, 2021 9:03 pm
Popular Stories
স্বৰ্ণকন্যা হিমাৰ সাফল্যত ৰাষ্ট্ৰপতিকে ধৰি দেশৰ তাৰকা-মহাতাৰকাৰ শুভেচ্ছা
ইটোৰ পিছত সিটো একেলেঠাৰিয়ে তিনি সপ্তাহৰ ভিতৰত পাঁচটাকৈ সোণৰ পদক লাভ কৰি দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা অসম কন্যা হিমা দাসক…
· July 22, 2019 9:01 am