NORTHEAST NOW (Assamese)
অসম

স্পেইনত হ’বলগা আন্তঃৰাষ্ট্ৰীয় ডবা প্ৰতিযোগিতাত ভাৰতৰ হৈ খেলিব গুৱাহাটীৰ মৃণ্ময়ে

Posted by: এন ই নাও নিউজ November 1, 2018 11:21 am

এক আন্তঃৰাষ্ট্ৰীয় ডবা খেল প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ বাবে নিৰ্বাচিত হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে গুৱাহাটীৰ মৃণ্ময় ৰাজখোৱা নামৰ এগৰাকী ছাত্ৰই।

G Plus প্ৰকাশিত এক বাতৰি অনুসৰি গুৱাহাটী মহানগৰীৰ সুদৰ্শন পাব্লিক স্কুলৰ ক্লাছ ৩ৰ ছাত্ৰ মৃণ্ময়য়ে ফিডে ৱ’ৰ্ল্ড কেডেট চে’ছ চেম্পিয়নস্বিপ (২০১৮)ৰ লৰাৰ ৮ বছৰ অনূৰ্ধ্ব শাখাত ভাগ ল’ব।

অহা ৩ নবেম্বৰৰ পৰা ১৬ নবেম্বৰলৈ স্পেইনৰ ছেন্তিয়াগো ডী ক’ম্পষ্টিলাত উক্ত প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব বুলি বাতৰিটোত লগতে কোৱা হৈছে।

উল্লেখযোগ্য যে  মৃণ্ময় ৰাজখোৱাই যোৱা বৰ্ষত অনুষ্ঠিত ৭ বছৰ অনূৰ্ধ্ব ৰাষ্ট্ৰীয় ডবা চেম্পিয়নশ্বিপত তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিল।

ইয়াৰ উপৰি তেওঁ এই বছৰ থাইলেণ্ডত অনুষ্ঠিত ফিডে এছিয়ান কেডেট চেছ চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। যোৱা তিনি বছৰ ধৰি শিশু ডবা খেলুৱৈ মৃণ্ময় ৰাজখোৱাই আছাম চে’ছ ক্লাবত ডবা খেলৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে।