NORTHEAST NOW (Assamese)
অসম

জৰ্ডানৰ বিৰুদ্ধে আন্তৰ্জাতিক খেল : ভাৰতীয় ফুটবল দলত অসমৰ হলিচৰণ নার্জাৰী, বিনীত ৰায়

Posted by: এন ই নাও নিউজ November 3, 2018 8:39 am
217856_gallery

অসমৰ বাবে আৰু এক সুখবৰ কঢ়িয়াই এইবাৰ ভাৰতীয় ফুটবল দলত স্থান লাভ কৰিছে অসমৰ দুজনকৈ খেলুৱৈয়ে। ভাৰতীয় দলত স্থান লাভ কৰা অসমৰ এই তাৰকা দুজন হ’ল হৰিচৰণ নাৰ্জাৰী আৰু বিনীত ৰায়।

জৰ্ডানৰ বিৰুদ্ধে অহা ১৭ নৱেম্বৰত জৰ্ডানত অনুষ্ঠিত  হ’বলগীয়া আন্তৰ্জাতিক প্ৰীতি ফুটবল খেলৰ বাবে শুকুৰবাৰে ঘোষিত ভাৰতৰ সম্ভাব্য ৩০ গৰাকী খেলুৱৈৰ তালিকাত স্থান লাভ কৰিছে অসমৰ হলিচৰণ নাৰ্জাৰী আৰু বিনীত ৰায়ে।

ইতিমধ্যে আই এছ এলত উজলি উঠা অসম সন্তান দুজনৰ এই ক্ৰীড়াৰ যাত্ৰা আন্তৰ্জাতিক পৰ্যায়ত প্ৰতিষ্ঠিত হোৱাৰ কামনা কৰিছে ৰাজ্যখনৰ ক্ৰীড়াপ্ৰেমীসকলে।

বৰ্তমান মুখ্য প্ৰশিক্ষক ষ্টিফেন কনষ্টাণ্টিনে খেলুৱৈ দুগৰাকীক মিড ফিল্ডাৰ হিচাপে ব্যৱহাৰ কৰি আছে। উল্লেখযোগ্য যে যোৱা ১৩ অক্টোবৰত চীনৰ বিৰুদ্ধে সেই  দেশত হোৱা আন্তৰ্জাতিক প্ৰীতি খেলখনতো খেলুৱৈ দুজনে ৰাষ্ট্ৰীয় দলক প্ৰতিনিধিত্ব কৰিছিল।

শুকুৰবাৰে ঘোষণা কৰা সম্ভাব্য ভাৰতীয় দলটোত ২৩ বছৰৰ অনূৰ্ধ্বৰ ১৪ গৰাকী খেলুৱৈয়ে স্থান লাভ কৰিছে। তাৰ বাবে তিনিগৰাকী খেলুৱৈক সম্ভাব্য ৰাষ্ট্ৰীয় দললৈ ওভতাই অনা হৈছে। তেওঁলোক হ’ল গ’লকীপাৰ অৰিন্দম ভট্টাচাৰ্য, ডিফেণ্ডাৰ নিশু কুমাৰ আৰু উইংগাৰ জেকিচান্দ সিং।

শেহতীয়া আন্তৰ্জাতিক খেলত জৰ্ডানে যোৱা মাহত বিশ্ব কাপৰ ৰানাৰ্ছ আপ ক্ৰ’ৱেছিয়াৰ হাতত পৰাজিত হোৱাৰ বিপৰীতে ভাৰতে চীনৰ বিৰুদ্ধে গ’লশূন্যভাৱে ড্ৰ’ খেলিছিল। আনহাতে, অহা ১১ নৱেম্বৰত নতুন দিল্লীত ভাৰতীয় দলৰ প্ৰশিক্ষণ শিবিৰ আৰম্ভ হ’ব।