NORTHEAST NOW (Assamese)
অসম

অসমৰ উত্তপ্ত পৰিৱেশৰ সম্পূৰ্ণ দায়িত্ব ল’ব লাগিব চৰকাৰে: উপমন্যু হাজৰিকা

Posted by: এন ই নাও নিউজ November 3, 2018 3:53 pm
Upamanyu hazarika

তিনিচুকীয়া জিলাৰ ধলাত হোৱা হত্যাকাণ্ডই ৰাজ্যজুৰি সৃষ্টি কৰা ‘নিৰাপত্তাহীনতাৰ পৰিৱেশ’ৰ সম্পূৰ্ণ দায়িত্ব বিজেপি চৰকাৰে ল’ব লাগিব বুলি মন্তব্য কৰিছে প্ৰব্ৰজনবিৰোধী মঞ্চৰ আহ্বায়ক, জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই।

“চৰকাৰে ইয়াৰ সম্পূৰ্ণ দায়িত্ব ল’ব লাগিব। আইন-শৃংখলা নিয়ন্ত্ৰণত ৰখাটো সম্পূৰ্ণ চৰকাৰৰ দায়িত্ব। লগতে ৰাজ্যত এনেকুৱা পৰিৱেশৰ সৃষ্টি হৈ আছে চৰকাৰে দেখি আছে,” চৰকাৰেই পৰিৱেশটোক ‘প্ৰশ্ৰয় দিছে’ বুলি উল্লেখ কৰি এই মন্তব্য হাজৰিকাৰ।

হাজৰিকাৰ মতে ধলাৰ ঘটনাটোত ৫ জন নিৰীহ লোকৰ প্ৰাণহানি হোৱাৰ লগতে ৰাজ্যজুৰি নিৰাপত্তাহীনতাৰ পৰিৱেশৰ সৃষ্টি হ’ল। সাধাৰণ খিলঞ্জীয়া ৰাইজ আৰু প্ৰকৃত ভাৰতীয় নাগৰিক এই নিৰাপত্তাহীনতাৰ ভুক্তভোগী হৈছে বুলি তেওঁ দাবী কৰিছে।

“নিৰাপত্তাহীনতাৰ পৰিৱেশ এতিয়া সৃষ্টি হোৱা নাই, যোৱা দুবছৰ ধৰি অসমৰ ৰাইজ নিৰাপত্তাহীন হৈ আহিছে,” মন্তব্য হাজৰিকাৰ।

তেওঁ লগতে কয় যে ভাষিক সংঘাতৰ সৃষ্টি কৰি ৰাজ্যৰ ‘প্ৰধান সংকট’সমূহৰ পৰা ৰাইজৰ দৃষ্টি আঁতৰাই নিবলৈ বৰ্তমানৰ পৰিৱেশ সৃষ্টি কৰা হৈছে।

“সম্পূৰ্ণ পৰিকল্পিতভাৱে ৰাইজৰ দৃষ্টি আঁতৰাবলৈ বিচাৰিছে। আমাৰ এই অস্তিত্বৰ সংকটৰ সময়ত প্ৰধান সংকটৰ বিষয় হৈছে যে এন আৰ চিত যিসকল বিদেশী সোমাইছে, তেওঁলোকক পুনৰীক্ষণ কৰি উলিয়াব লাগে, সংশোধনী বিধেয়কৰ দ্বাৰা যাক আনিব বিচাৰিছে, বা আমাৰ ওপৰত জাপি দিব খুজিছে সেয়া অতি শীঘ্ৰে বন্ধ কৰিব লাগে,” এই মত হাজৰিকাৰ।