NORTHEAST NOW (Assamese)
অসম

নগাঁৱত বিধায়ক ৰূপক শৰ্মাই ৫০০ আত্মসহায়ক গোটৰ মাজত বিতৰণ কৰিলে চেক

Posted by: মিণ্টু দাস November 5, 2018 8:21 pm
cheque distribution

আজি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ দ্বাৰা আয়োজিত ‘মহিলা উত্তৰণৰ দিশে’ শীৰ্ষক মহিলা সমাৰোহত নগাঁও জিলাৰ খাগৰিজান আৰু পাখিমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন আত্মসহায়ক গোটৰ মাজত চেক প্ৰদান কৰা হয়।

খাগৰিজান কাছমাৰী পঞ্চায়তত আৰু পাখিমৰীয়া উন্নয়ন খণ্ডৰ ডাকৰঘাট পঞ্চায়তত ৫০০ আত্মসহায়ক গোটৰ মাজত ২৫ হেজাৰ টকাৰ চেক প্ৰদান কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।

বিধায়ক শৰ্মাই খাগৰিজান উন্নয়ন খণ্ডত ২৬০ টা আত্ম সহায়ক গোট আৰু পাখিমৰীয়া উন্নয়ন খণ্ডত ২৪০ টা আত্মসহায়ক গোটৰ মাজত চেক প্ৰদান কৰে।

এই অনুষ্ঠানত তিৱা স্বায়ত্ত পৰিষদৰ উপাধ্যক্ষ বিদ্যুৎ বৰদলৈ, কাছমাৰী গাঁও পঞ্চায়তৰ কাউঞ্চিলৰ পংকজ বৰা, খাগৰিজান উন্নয়ন খণ্ডৰ প্ৰকল্প বিষয়া মিণ্টু ডেকা প্ৰমুখ্যে বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।