NORTHEAST NOW (Assamese)
অসম

ডিচেম্বৰত মুক্তি পাব প্ৰিয়ংকা চোপ্ৰা প্ৰযোজিত প্ৰথমখন ছিকিমী চলচ্চিত্ৰ পহুনা

Posted by: এন ই নাও নিউজ November 6, 2018 2:44 pm
pahuna-priyanka-chopra-7591-750x375

অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেছাদৰ প্ৰিয়ংকা চোপ্ৰাৰ প্ৰযোজনাৰ প্ৰথমখন ছিকিম ভাষাৰ চলচ্চিত্ৰ ‘পহুনা –দ্য লিট্ল ভিজিটৰছ’ অহা ৭ ডিচেম্বৰত মুক্তিৰ বাবে সাজু হৈছে।

‘পহুনা’ত তিনিজন নেপালী শিশুৰ পিতৃ-মাতৃৰ পৰা বিছিন্ন হোৱা তথা তেওঁলোকৰ ঘৰলৈ উভতনি যাত্ৰাৰ কাহিনী বৰ্ণিত হৈছে।

ছিকিমী ভাষাৰ ছবিখন পৰিচালনা কৰিছে পাখি ও টায়াৰাৱালাই আৰু ছবিখন পাৰ্পোল পেব্বল পিকশ্যাৰছ (পিপিপি)ৰ বেনাৰত প্ৰযোজনা কৰিছে প্ৰিয়ংকা আৰু তেওঁৰ মাতৃ মধু চোপ্ৰাই।

ছবিখন যোৱা বছৰ মে’ মাহত ক্যাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শিত হৈছিল।

আনহাতে, ‘’পহুনা : দ্য লিটল্ ভিজিটৰছ’ এ জাৰ্মানীত শিশু তথা যুৱ দৰ্শকৰ বাবে অনুষ্ঠিত স্কেলিনজেল আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত দুটা বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।

সেই মহোৎসৱত চলচ্চিত্ৰখনে য়ুৰোপিয়ান শিশু চলচ্চিত্ৰ বঁটা লাভ কৰাৰ লগতে বৃত্তিগত জুৰীৰ কাহিনী চলচ্চিত্ৰৰ আন্তৰ্জাতিক শাখাত বিশেষ উল্লেখ বঁটা লাভ কৰিছিল।

তদুপৰি, ছবিখনে যোৱা বছৰ টৰন্টো আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত ৱৰ্ল্ড প্ৰিমিয়াৰতো উচ্চ প্ৰশংসিত হৈছিল।

চলচ্চিত্ৰখনৰ মুক্তিৰ পিছত দৰ্শকৰ বিপুল সমাদৰ লাভ কৰাৰ আশা কৰিছে প্ৰযোজক গোষ্ঠীয়ে।