NORTHEAST NOW (Assamese)
অসম

আগন্তুক পঞ্চায়ত নির্বাচন সম্পৰ্কে বােকাখাতৰ মহকুমাধিপতি কাৰ্যালয়ত জৰুৰী সভা

Posted by: উত্তম শইকীয়া November 6, 2018 5:54 pm
Panchayat-570x320

অসম ৰাজ্যিক নির্বাচনী আয়োগে পঞ্চায়ত নির্বাচনৰ দিন ঘোষণা কৰাৰ পিছতে আজি বোকাখাত মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত এখনি জৰুৰী সভা অনুষ্ঠিত হয়।

বোকাখাতৰ বিভিন্ন ৰাজনৈতিক দলৰ প্রতিনিধিসকলৰ উপস্থিতিত আয়োজিত এই সভাত পৌৰহিত্য কৰি বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামে পঞ্চায়ত নির্বাচন সম্বন্ধীয় আচৰণ বিধি আৰু ব্যয় সীমাৰ লগতে বিভিন্ন বিষয় সম্বন্ধে সবিস্তাৰে জনায়।

ইচ্ছুক প্রাৰ্থীসকলে গাঁও পঞ্চায়তৰ সদস্য পদৰ বাবে গোলাঘাট পশ্চিম উন্নয়ন খণ্ড, বােকাখাতৰ কাৰ্যালয়ত আৰু জিলা পৰিষদৰ সদস্য পদ, আঞ্চলিক পঞ্চায়তৰ সদস্য পদ আৰু গাঁও পঞ্চায়তৰ সভাপতি পদৰ বাবে বােকাখাত মহকুমাধিপতি কাৰ্যালয়ত মনােনয়ন পত্র দাখিল কৰিব পাৰিব বুলি মহকুমাধিপতি গৰাকীয়ে জনায় ।

তদুপৰি পঞ্চায়ত নির্বাচনৰ মনােনয়ন পত্র দাখিল সম্বন্ধীয় বিভিন্ন তথ্যৰ বাবে বােকাখাত মহকুমাধিপতি কাৰ্যালয় আৰু গােলাঘাট পশ্চিম উন্নয়ন খণ্ড, বােকাখাতৰ কাৰ্যালয়ত একোটাকৈ সহায়ক বেঞ্চ মুকলি কৰা হৈছে বুলিও মহকুমাধিপতি গৰাকীয়ে সদৰী কৰে।

আজিৰ সভাত বোকাখাতৰ ৰাজহচক্ৰ বিষয়া খনিন্দ্র দাস, সহকাৰী আয়ুক্ত শান্তনু গগৈ আৰু বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া বিতুল চেতীয়াৰ লগতে মহকুমা তথ্য আৰু জনসংযোগ বিষয়া মামুন বৰকটকী আৰু স্থানীয় সাংবাদিকসকল উপস্থিত থাকে।