NORTHEAST NOW (Assamese)
অসম

পোহৰৰ উৎসৱ দীপাৱলীত হাজোত ফটকা-আতচবাজিৰ দোকানত গ্ৰাহকৰ ভিৰ

Posted by: মৃদুল প্ৰীতম ডেকা November 6, 2018 9:51 pm
IMG20181106153447

কাইলৈ পোহৰৰ উৎসৱ দীপাৱলী। সমগ্ৰ ৰাজ্যৰ সৰ্বত্ৰ এতিয়া উছাহ উদ্দীপনা। আজি কালী পূজা উপলক্ষে ৰাজ্যৰ প্রান্তে প্রান্তে আজিৰে পৰা আৰম্ভ হৈছে কালী পূজা।  সমান্তৰালভাৱে দীপাৱলীক হৈ ব্যস্ত সকলো। কামৰূপ জিলাৰ সমগ্ৰ প্ৰান্ততে দীপাৱলীক লৈ উছাহৰ ঢল বৈছে। ফটকা আতচবাজীৰ বজাৰত গ্ৰাহকৰ ভীৰ বাঢ়িছে। কামৰূপৰ তীৰ্থ নগৰী হাজোৰ ব্যৱসায়িক প্ৰাণ কেন্দ্ৰ পাখামেলাত গ্ৰাহকৰ মাজত প্ৰৱল উছাহ দেখা পোৱা গৈছে।

পাখামেলাৰ ফটকা আতচবাজীৰ বিপণিত অগণন গ্ৰাহকে ভীৰ কৰিছে। নিজৰ পছন্দৰ ফটকা আৰু আতচবাজী বিচাৰি বিপণিলৈ গৈছে গ্ৰাহক। চীনত নিৰ্মিত ফটকা আতচবাজীৰ লগতে সমানে ফেৰ মাৰিছে বৰপেটাৰ থলুৱা ফটকা আতচবাজীয়েও। মুঠতে পোহৰৰ উৎসৱ দিপাৱালীক লৈ উখল মাখল ৰাজ্য। নিশাৰ এন্ধাৰত নানা ৰঙ বিৰিঙি লাইট পোহৰাই তুলিব আকাশ।