NORTHEAST NOW (Assamese)
অসম

কামপুৰত বিদ্যুৎস্পৃষ্ট হৈ মহিলাৰ মৃত্যু: ৰাইজৰ প্ৰতিবাদ

Posted by: এন ই নাও নিউজ November 8, 2018 5:15 pm
8ada8873-1c9d-4f78-9505-2b001fe1f3fd

সম্প্ৰতি নগাঁও জিলাত বিদ্যুৎ বিভাগৰ অকৰ্মণ্যতাৰ ফলত বহু কেইজন লোকে প্ৰাণ হেৰুৱাৰ পিছত কামপুৰত বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে আজি আৰু এগৰাকী মহিলাই প্ৰাণ হেৰুৱাব লগা হয়।

জানিব পৰা মতে, কামপুৰৰ ২ নং পুঠিমাৰীৰ সবিতা ৰাণী সৰকাৰ নামৰ মহিলাগৰাকীয়ে পুৱা ঘৰৰ চোতাল সাৰি থকা অৱস্থাত পদুলিত পৰি থকা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি কৰুণ মৃত্যুক সাৱটি লয়। এই ঘটনাৰ ফলত সমগ্ৰ কামপুৰতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

আনহাতে, মহিলাগৰাকী মৃত্যুৰ পিছত বিদ্যুৎ বিভাগৰ গাফিলতিৰ বিৰুদ্ধে স্থানীয় ৰাইজে প্ৰতিবাদ সাৱ্যস্ত কৰে।

উল্লেখযোগ্য যে যোৱা ২১ ছেপ্টেম্বৰত নগাঁও জিলাৰ ৰূপহীহাটৰ দক্ষিণ খাটোৱালত বিদ্যুৎস্পৃষ্ট হৈ ৬ জন লোকৰ মৃত্যু হৈছিল। ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰ ছিগি পৰি থকা এটা পুখুৰীত মাছ মাৰিবলৈ যোৱা ৬ জন লোকৰ বিদ্যুৎস্পৃষ্ট হৈ ঘটনাস্থলীতে মৃত্যু হৈছিল।

তদুপৰি, যোৱা ১৯ অক্টোবৰত জুৰীয়াত পুনৰ বিদ্যুৎস্পৃষ্ট হৈ দুজনৰ মৃত্যু হয়। বিদ্যুতৰ পিভিচি তাঁৰ ছিগি জুৰীয়াৰ বগৰীগুৰিত দুজন লোকে প্ৰাণ হেৰুৱাইছিল।