NORTHEAST NOW (Assamese)
অসম

জাতিতকৈ ধৰ্ম ডাঙৰ নহয়!; হিন্দু ধৰ্ম ত্যাগ কৰিম বুলি শপত ল’লে বহু সংখ্যক যুৱকে

Posted by: এন ই নাও নিউজ November 9, 2018 5:04 pm
Citizenship-Amendment-Bill-2016

জাতিতকৈ ধৰ্ম ডাঙৰ নহয়, এই ধ্বনি আজি শুনা গ’ল কাৰ্বি আংলঙৰ বুকুত। নিজৰ জাতিক বচাবলৈ সকলো ত্যাগ কৰিবলৈ সাজু থকা বহু সংখ্যক যুৱকে আজি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিলে হিন্দু ধৰ্ম ত্যাগ কৰি বৌদ্ধ ধৰ্ম ল’ব বুলি অভিনৱ সকীয়নি দিয়ে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক।

নিজৰ জাতিটোক বচাবলৈ কিমান হেঁপাহ আৰু দায়বদ্ধতা থাকিলে নিজৰ ধৰ্মকো ত্যাগ কৰিব পাৰে! এই যুৱকসকলে আজি সমূহীয়াভাৱে সংকল্প লৈ তাৰেই প্ৰমাণ দিলে।

এটা বৌদ্ধ মন্দিৰত সমূহীয়াভাৱে শপত লৈ যুৱকসকলে কয়, “কেন্দ্ৰীয় চৰাকাৰে যদি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন কৰে তেনেহলে আমি হিন্দু ধৰ্ম ত্যাগ কৰি বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিম।”

নিজৰ জাতিক তেওঁলোকে ধৰ্মৰ ওপৰত স্থান দি শপতবাক্যত কয়, “আমি হিন্দু ধৰ্মতকৈ অসমীয়া জাতিৰ স্বাৰ্থক অগ্ৰাধিকাৰ প্ৰদান কৰিম।”

যুৱকসকলে নিজকে কিছুমান দল-সংগঠনৰ নেতৃত্বত থকা বুলি কয় যদিও তেওঁলোকে ব্যক্তিগত বিবেচনাৰে আৰু প্ৰত্যেকেই ব্যক্তিগতভাৱে এই সংকল্প লোৱা বুলি।

“ধৰ্মৰ বাবে এটা জাতিক শেষ হ’বলৈ আমি নিদিওঁ। ধৰ্ম কেতিয়াও এটা জাতিতকৈ ডাঙৰ হ’ব নোৱাৰে। জাতিটোক বচাবলৈ হ’লে প্ৰয়োজন হ’লে হিন্দু ধৰ্ম ত্যাগ কৰিম।” এজন যুৱকে দৃঢ়তাৰে কয়।

আনহাতে তেওঁলোকৰ বাটেৰে বাট বুলিবলৈ আন বহু সংখ্যক আগ্ৰহী হোৱাৰ কথাটোও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে। “হাজাৰ হাজাৰ যুৱকে আমাৰ সৈতে যোগাযোগ কৰি আছে।” এজনে কয়।

“যদি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰে, যদি বাংলাদেশী আনি আৰ এছে এছে অসমীয়া জাতিক ধ্বংস কৰিব খোজে, তেতিয়া এই পথ ল’ব বহু যুৱকে।” যুৱকজনে কয়।

তেওঁ বাংলাদেশীক চপনীয়া আখ্যা দি কয়, “বহুত হ’ল। যিটো জাতিয়ে ১৭বাৰ ভাৰত ৰাষ্ট্ৰৰ আক্ৰমণ প্ৰতিহত কৰিছিল সেইটো জাতিক সোণোৱালে বাংলাদেশৰ চপনীয়া আনি বচাব নালাগে।”

যুৱকসকলে আজি সমূহীয়াভাৱে কাৰ্বি আংলঙৰ কালীয়নিস্থিত বৌদ্ধ মন্দিৰত হিন্দু ধৰ্ম ত্যাগ কৰাৰ এই শপত লয়।

উল্লেখযোগ্য যে অসমৰ জনগণৰ প্ৰৱল প্ৰতিবাদ, দাবী-আপত্তিক সমূলি আওকাণ কৰি কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক আনিবলৈ এক প্ৰকাৰৰ নিশ্চিত দিশত আগ বাঢ়িছে, যাৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত হ’ব পাৰে অসমৰ ভাষা-সংস্কৃতি। শেষ গণতান্ত্ৰিক প্ৰতিবাদৰ উপায় হিচাপে আজি যুৱককেইজনৰ এই অভিনৱ পন্থাই সকলোৰে দৃষ্টি কাঢ়িছে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে বৰ্ণ হিন্দুৰ বৈষম্য-অপমানৰ প্ৰতিবাদ হিচাপে ১৯৫৬ চনত প্ৰায় ৫ লাখ লোক লগত লৈ ড০ আম্বেদকাৰে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল। ই এক আন্দোলনত পৰিণত হৈছিল।