NORTHEAST NOW (Assamese)
অসম

নকল সোণৰ মূৰ্তি উদ্ধাৰ : অন্ধবিশ্বাস বিয়পাই মিছা প্ৰচাৰ চলোৱা দম্পতীক আটক

Posted by: পার্শ্বজোতি গগৈ November 12, 2018 6:51 am
নকল মূর্তি

শিৱসাগৰৰ নিতাইপুখুৰীৰ গৰৈমাৰীত ৰাধা-কৃষ্ণ আৰু কৃষ্ণৰ নকল সোণৰ মূৰ্তি সপোনত লাভ কৰা বুলি মিছা প্ৰচাৰ চলোৱা দম্পতীক আটক কৰিছে আৰক্ষীয়ে।

শিৱসাগৰ জিলাৰ ডিমৌ নিতাইপুখুৰীৰ গৰৈমাৰী গাঁৱৰ এহাল দম্পতীয়ে সপোনত নিজৰ ঘৰৰ এটা কোঠাত ৰাধা-কৃষ্ণ আৰু কৃষ্ণৰ মূৰ্তি উদ্ধাৰ হোৱা ঘটনাই প্ৰথমতে চাঞ্চল্যৰ সৃষ্টি কৰে।

ঘটনা বিৱৰণী মতে, গৰৈমাৰী গাঁও নিৱাসী ভবেন বৰুৱাৰ পত্নী কৰবী বৰুৱাই ৰাতি সপোনত ভগৱানে তেওঁৰ বাসগৃহৰ এটা কোঠাত দুখন কলপাত পাৰি থবলৈ কয় আৰু কৰবী বৰুৱাই সেইমতে নিশা কলপাত দুখন পাৰি থয়। ৰাতিপুৱা সেই কলপাতত ৰাধা কৃষ্ণৰ এটা মূৰ্তি আৰু কৃষ্ণৰ মূৰ্তি প্ৰত্যক্ষ কৰে আৰু গাঁৱবাসীক ভগৱানে সেই দুটা মূৰ্তি তেওঁলৈ আগবঢ়াইছে বুলি কৈ গাঁৱৰ এজন বয়োজ্যেষ্ঠ ব্যক্তিৰ দ্বাৰা মূৰ্তি লাভ কৰা স্থানত পূজা পাতল কৰি নামঘৰ প্ৰতিষ্ঠা কৰে।

IMG-20181112-WA0000
উদ্ধাৰ হোৱা নকল সোণৰ মূৰ্তি। ফটো : নৰ্থইষ্ট নাও

আনহাতে, পূৰ্বৰে পৰা হস্তৰেখা চাই বিধি বিধান দিয়া কৰবী বৰুৱাৰ ঘৰত সপোনত পোৱা মূৰ্তি দৰ্শন কৰিবলৈ ৰাইজৰ সোঁত ব’বলৈ ধৰে।

ইপিনে, এই ঘটনাৰ খবৰ পাই শিৱসাগৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বলীন দেউৰী কৰবী বৰুৱাৰ ঘৰত উপস্থিত হয় আৰু কৰবী বৰুৱাৰ কৰ্মকাণ্ড দেখি সন্দেহ হোৱাত ঘটনাৰ তদন্ত কৰিবলৈ নিতাইপুখুৰী আৰক্ষী আৰু ডিমৌ আৰক্ষীক নিৰ্দেশ দিয়ে।

আৰক্ষীৰ তদন্তত জোলোঙাৰ মেকুৰী ওলাই পৰে। আৰক্ষীৰ সোধা পোছাত কৰবী বৰুৱা আৰু ভবেন বৰুৱাই স্বীকাৰ কৰে যে, অন্ধবিশ্বাস-কুসংস্কাৰ বিয়পাই সহজে ধন ঘটাৰ বাবে তেওঁলোকে এই কাৰ্য্য কৰিছিল।

ডিমৌৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা মূৰ্তি দুটা ক্ৰয় কৰিছিল বুলি কৰবী বৰুৱাই লগতে স্বীকাৰ কৰে। তেতিয়াই আৰক্ষী নিশ্চিত হয় যে সহজে ধন ঘটাৰ বাবে আৰু অন্ধবিশ্বাস-কুসংস্কাৰ বিয়পাবলৈ এই দম্পতিয়ে সপোনত সোণৰ মূৰ্তি পোৱা বুলি মিছা প্ৰচাৰ চলাইছিল। অৱশেষত ডিমৌ আৰক্ষীয়ে অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিয়পোৱাৰ অভিযোগত উক্ত দম্পতীক আটক কৰে।