NORTHEAST NOW (Assamese)
অসম

বিজনীৰ দহলাপাৰাত ট্ৰাক-বাইকৰ মুখামুখি সংঘৰ্ষ; থিতাতে নিহত এজন

Posted by: এন ই নাও নিউজ November 12, 2018 9:41 am
Road Accident illustration

চিৰাং জিলাৰ বিজনী আৰক্ষী থানাৰ অন্তৰ্গত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দহলাপাৰাত দেওবাৰে আবেলী সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হয়।

এখন তীব্ৰ বেগী ট্ৰাক আৰু বাইকৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষৰ ফলতে উক্ত দুৰ্ঘটনাটো সংঘটি হয়।

নিহত লোকজনক সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত মাদলিঝাৰৰ গাঁৱৰ প্ৰণৱ বৰ্মন বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য মতে, এ এছ ১৫ এফ-১০৮০ নম্বৰৰ এখন বাইকেৰে প্ৰণৱ বৰ্মনে বঙাইগাঁৱৰ গৰাইমাৰীৰ পৰা সৰভোগ মাদলিঝাৰ নিজৰ ঘৰলৈ আহি থকাৰ অৱস্থাতে দহলাপাৰাত এইছ আৰ ৫৫ কে-২৯৫৯ নম্বৰৰ এখন তীব্ৰ বেগী ট্ৰাকে খুন্দিওৱাৰ ফলত তেওঁৰ থিতাতে মৃত্যু হয়।