NORTHEAST NOW (Assamese)
অসম

কেন্দ্ৰীয় মন্ত্ৰী অনন্ত কুমাৰৰ পৰলোকপ্ৰাপ্তি : মুখ্য মন্ত্ৰী সোণোৱালৰ শোকপ্ৰকাশ

Posted by: এন ই নাও নিউজ November 12, 2018 9:49 am
Ananth-Kumar-Minister-Parliamentary-Affairs-Fertilisers

কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা দপ্তৰ মন্ত্ৰী অনন্ত কুমাৰৰ দেহাৱসান আজি পুৱা বেংগালুৰুৰ শংকৰ কৰ্কট হাস্পতালত ৫৯ বছৰত পৰলোকপ্ৰাপ্তি ঘটে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকী দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল। মৃত্যুৰ কিছুদিন পূৰ্বে মন্ত্ৰী অনন্ত কুমাৰক ভেণ্টিলেটৰত ৰখা হৈছিল।

আনহাতে, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ নশ্বৰ দেহ চিকিৎসালয়ৰ পৰা বেংগালুৰুৰ লালবাগ ৰোডত থকা তেওঁৰ ‘সুমেৰা’ বাসগৃহলৈ নিয়া হ’ব। পুৱা ৮ বজাৰ পৰা পৰিয়ালৰ লোকে শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত কেন্দ্ৰীয় মন্ত্ৰী অনন্ত কুমাৰৰ নশ্বৰদেহ  বেংগালুৰুৰ নেশ্যনেল কলেজ চৌহদত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে ৰখা হ’ব। ইয়াতে পুৱা ৯ বজাৰ পৰা সকলোৱে শ্ৰদ্ধাঞ্জলি জনাব পাৰিব।

কেন্দ্ৰীয় মন্ত্ৰী অনন্ত কুমাৰ ১৯৯৬চনৰ পৰা কৰ্ণাটকৰ দক্ষিণ বেংগালুৰু লোকসভাৰ পৰা প্ৰতিনিধিত্ব আগবঢ়াই আহিছিল। দক্ষিণ ভাৰতক প্ৰতিনিধিত্ব কৰা অনন্ত কুমাৰ বিজেপিৰ এগৰাকী নীতি নিৰ্দ্ধাৰক পৰ্যায়ৰ নেতা হিচাপে পৰিচিত।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মৃত্যুত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজ, প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমন, মানৱ সম্পদ বিভাগৰ মন্ত্ৰী প্ৰকাশ জাৱৰেকাৰকে ধৰি বিভিন্নজনে গভীৰ শোক প্ৰকাশ কৰিছে।

আনহাতে, কেন্দ্ৰীয় মন্ত্ৰী কুমাৰৰ মৃত্যুত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও টুইটাৰযোগে শোকপ্ৰকাশ কৰিছে। টুইটাৰত মুখ্য মন্ত্ৰী সোণোৱালে কৈছে, ‘’ কেন্দ্ৰীয় মন্ত্ৰী অনন্ত কুমাৰ ডাঙৰীয়াৰ অকাল মৃত্যুত গভীৰভাৱে মৰ্মাহত হৈছো। তেওঁৰ গতিশীলতা, কৰ্মোদ্যম তথা আত্মোৎসৰ্গ ৰাজহুৱা জীৱনৰ বাবে উদাহৰণ হৈ ৰৱ। তেওঁৰ শোকসন্তপ্ত পৰিয়ালবৰ্গ, বন্ধু-বান্ধৱ তথা শুভাকাঙ্ক্ষী সকললৈ মোৰ গভীৰ সমবেদনা জনাইছো।‘’

কেন্দ্ৰীয় মন্ত্ৰী কুমাৰৰ মৃত্যুত অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো টুইটাৰযোগে শোকপ্ৰকাশ কৰিছে।