NORTHEAST NOW (Assamese)
অসম

‘কৃষকৰ নাম লৈ ফৰিঙৰ দৰে জঁপিয়াই ফুৰে!’ অখিল গগৈক সমালোচনাৰে কৃষকৰ ভোট বিচাৰিলে বিজেপিয়ে

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক November 12, 2018 10:08 pm
BJP

সমাগত পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ ৰাজনীতিত বিজেপিৰ বাবে মূৰৰ কামোৰনি হৈ পৰিছে অখিল গগৈ। কাৰণ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবে বিজেপিৰ প্ৰতি অসমৰ খিলঞ্জীয়া ৰাইজৰ মাজত সৃষ্টি হোৱা ৰোষত সাৰ-পানী যোগাইছে অখিল গগৈয়ে। সেয়ে বিজেপি নেতাৰ সংবাদমেলত অখিল গগৈৰ প্ৰসংগ নানিলে নোহোৱাই হৈছে।

১২ নৱেম্বৰ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত কৃষক মৰ্চাই সাংবাদিকক সম্বোধন কৰি কথাৰে খোচ মাৰিলে কৃষক নেতা অখিল গগৈক। ৰাজ্যিক কৃষক মৰ্চাৰ উপ-সভাপতি সত্যৰঞ্জন বৰাই ক’লে, “কোনোবাই কৃষকৰ নাম লৈ ফৰিঙৰ নিচিনা জঁপিয়াই ফুৰিছে। কৃষকক বিভিন্ন ধৰণে উচটনি দি আঁতৰাই লৈ যাব বিচাৰিছে।”

বৰাই ‘ফৰিং’ শব্দটোৰে অখিল গগৈকে যে সূচাইছে সেই কথাও স্পষ্ট কৰিলে। “অখিল গগৈক কৃষক নেতা বুলি সকলোৱে জানে কিন্তু কৃষকৰ কথাত গুৰুত্ব নিদি তেওঁ হেনো বেলেগ বিষয়তহে লাগি ফুৰিছে।” বৰাই কয়।

কিন্তু নিয়মীয়াভাৱে বিজেপিৰ মঞ্চত কিয় ইমান প্ৰাসংগিক হৈ আছে অখিল গগৈ? এতিয়া ৰাজ্যিক বিজেপিৰ বাবে অখিল গগৈয়েই প্ৰধান বিৰোধী নেকি? এই প্ৰশ্নৰ অৱতাৰণা হৈছে।

কিয়নো, অসমৰ বিজেপিৰ নেতাসকলে তেওঁলোকৰ শেহতীয়া সংবাদমেলবোৰত কৃষক নেতাজনকে আক্ৰমণৰ মূল লক্ষ্য হিচাপে বাছি লোৱা দেখা গৈছে।

এটা কথা স্পষ্ট যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমত হোৱা প্ৰৱল আন্দোলনে বিজেপিক বিপদত পেলোৱাৰ আশংকাই দেখা দিছে। এই আন্দোলনৰ নেতৃত্ব দিয়াসকলৰ ভিতৰত অখিল গগৈ অন্যতম।

গতিকে বৃহৎ নদীবান্ধৰ বিৰোধিতা, খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰৰ বাবে সংগ্ৰাম, এ পি এছ চিৰ দুৰ্নীতি বিৰুদ্ধে আন্দোলন আৰু শেহতীয়াভাৱে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ কৰা আন্দোলনৰ বাবে অখিল গগৈক এটাৰ পৰা আনটোত ‘ফৰিঙৰ নিচিনা জঁপিওৱা’ বুলি অভিযোগ কৰি কৃষক ৰাইজক তেওঁলোকৰ মনৰ পৰা দলটোক আঁতৰাই নেপেলাই পঞ্চায়তত বিজেপিৰ ফালে চকু মেলি চাবলৈ আহ্বান জনালে সত্যৰঞ্জন বৰাই। লগতে উচটনিত ভোল নাযাবলৈও কৃষকলৈ বৰাৰ অনুৰোধ।

ইয়াৰ উপৰি দলটোৰ ৰাজ্যিক কৃষক মৰ্চাৰ সভাপতি প্ৰাণকুমাৰ দাসে সংবাদমেলত বিজেপি চৰকাৰে কৃষকৰ বাবে লোৱা বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰে।

আনহাতে, শাক-পাচলিৰ বজাৰত চলি থকা মধ্যভোগীৰ দপদপনি সন্দৰ্ভত সত্যৰঞ্জন বৰাই কয়, “কৰ্কট ৰোগ একেদিনাই ভাল নহয়, অলপ সময় লাগিব।”

কিন্তু ‘দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল’ নীতি লোৱা বুলি কৈ থকা চৰকাৰখনৰ দিনত মধ্যভোগীৰ দৌৰাত্ম্যৰ কেতিয়ালৈ অন্ত পৰিব সেয়াহে ডাঙৰ প্ৰশ্ন।