NORTHEAST NOW (Assamese)
অসম

যুদ্ধভূমিত পৰিণত গুৱাহাটী, দিচপুৰ অভিমুখে ছাত্ৰ-ছাত্ৰীৰ দল; ডিব্ৰুগড়ত সেনাৰ ফ্লেগ মাৰ্চ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 11, 2019 2:26 pm
Anti-CAB protests: Guwahati turns battleground, students marching towards Dispur

ৰাজ্য সভাত নাগৰিকত্ব (সংশোধন) বিধেয়ক, ২০১৯ উত্থাপিত হোৱাৰ সময়তে যুদ্ধভূমিত পৰিণত হৈছে অসমৰ ৰাজধানী গুৱাহাটী।

জনতা ভৱনৰ কিছু দূৰত বিভিন্ন ঠাইৰ পৰা আহি হাজাৰ হাজাৰ প্ৰতিবাদকাৰী, মূলতঃ ছাত্ৰ-ছাত্ৰী আৰু যুৱচামে অৱস্থান গ্ৰহণ কৰিছে।

সন্দিকৈ ছোৱালী মহাবিদ্যালয় আৰু কটন বিশ্ববিদ্যালয়ৰ পৰা দুটা বৃহৎ ছাত্ৰ-ছাত্ৰীৰ দল ধুমুহাৰ গতিৰে আহি দিচপুৰ পাইছেহি।

খানাপাৰা দিশৰ পৰাও আন এটা দল আগবাঢ়ি আহিছে। জি এছ ৰ’ডৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ হৈ পৰিছে।

গুৱাহাটীৰ কেইবাঠাইতো আৰক্ষীয়ে প্ৰতিবাদকাৰী, মূলতঃ ছাত্ৰ-ছাত্ৰীৰ ওপৰত লাঠীচালনা কৰিছে। বহু ছাত্ৰ-ছাত্ৰী আহত হৈছে।

জি এছ ৰ’ডৰ দুঠাইত গণেশগুৰিৰ গণেশ মন্দিৰৰ সমীপত আৰু এ বি চি এলেকাত লাঠীচালনা আৰু বেৰিকে’দ দি প্ৰতিবাদত বাধা দিয়াৰ চেষ্টা কৰা দেখা গৈছিল।

গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সন্মুখত ছাত্ৰ-ছাত্ৰীৰ দলে বেৰিকে’ড ভাঙি দিছে। গুৱাহাটীৰ পথত গামোচা পাৰি ছাত্ৰ-ছাত্ৰী শুই পৰিছে।

কটন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নেতা হীৰক পাটোৱাৰী, প্ৰাক্তন নেতা জিন্তু ঠাকুৰীয়াক আৰক্ষীয়ে আটক কৰিছে।

সাম্প্ৰতিক অসমত প্ৰতিবাদটো স্পষ্টভাৱে অভূতপূৰ্ব ধৰণৰ। আৰক্ষীৰ বাহিৰে সকলো লোককে প্ৰতিবাদকাৰী যেন দেখা গৈছে।

দেখা গৈছে, একধৰণৰ পাৰভঙা ক্ষোভ আৰু আৱেগে অসম ছানি ধৰিছে। ডিব্ৰুগড়ত ভাৰতীয় সেনা মোতায়েন কৰা হৈছে। খবৰমতে, উজনিৰ চহৰখনত সেনাই ফ্লেগ মাৰ্চ কৰিছে।

দুপৰীয়াৰ ভাগত উজনিৰ পুৰণি আৰু প্ৰধান চহৰখনত আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত প্ৰচণ্ড লাঠীচালনা কৰিছে। বহু লোক আহত হৈছে।