NORTHEAST NOW (Assamese)
অসম

প্লাষ্টিকৰ পৰা হোৱা দুৰ্গতি নাশ! গুৱাহাটীৰ কোনখন পূজাত প্লাষ্টিকৰ পৰিৱৰ্তে কাপোৰৰ কেৰিবেগ, মাটিৰ পাত্ৰ আৰু কলপটুৱা?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 14, 2018 10:40 pm
Puja Mandap Final

কাইলৈৰ পৰা পাঁচদিনীয়াকৈ দেশৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰীতো উদযাপিত হ’ব শাৰদীয় দুৰ্গোৎসৱ। এইবাৰ মহানগৰৰ কেইখনমান বিশেষ পূজা মণ্ডপত প্লাষ্টিক সম্পূৰ্ণৰূপে বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে আয়োজক কমিটীয়ে। স্বচ্ছ ভাৰত আৰু প্লাষ্টিকমুক্ত কৰাৰ উদ্দেশ্য আগত ৰাখি মহানগৰীৰ দুখন পূজা মণ্ডপে এই ক্ষেত্ৰত প্লাষ্টিকৰ ব্যৱহাৰ একেবাৰে কৰা নহয় বুলি জানিবলৈ দিছে।

গুৱাহাটীৰ লতাশিল খেলপথাৰৰ লতাশিল সাৰ্বজনীন পূজা কমিটী আৰু চিলাৰায় নগৰ পূজা কমিটীয়ে প্লাষ্টিক সম্পূৰ্ণৰূপে বৰ্জন কৰা বুলি আমাৰ সাংবাদিকক জানিবলৈ দিয়ে। লগতে প্লাষ্টিকৰ পলিথিনৰ সলনি কাপোৰৰ কেৰিবেগ, মাটিৰ গিলাচ, পূজাৰ ভোগৰ বাবে কলপাত, প্ৰসাদৰ বাবে মাটিৰ মলা ইত্যাদি ব্যৱহাৰ কৰিছে উক্ত পূজা মণ্ডপকেইখনে।

প্লাষ্টিক বৰ্জনৰ কাৰণ জানিব বিচৰাত লতাশিল সাৰ্বজনীন পূজা কমিটীৰ সাধাৰণ সম্পাদক বিজিত প্ৰদীপ দাসে নৰ্থ ইষ্ট নাওক কয় “প্লাষ্টিক বৰ্জন কৰাটো সকলোৰে এক দায়বদ্ধতা হৈ পৰিছে। গুৱাহাটীত প্লাষ্টিকে বহু সমস্যাৰ সৃষ্টি কৰিছে কাৰণ গুৱাহাটী পৌৰ নিগমে নলা চাফা কৰিলে অকল প্লাষ্টিকেই ওলায়। গতিকে সম্পূৰ্ণ প্লাষ্টিকমুক্ত কৰি আমি পূজাভাগ অনুষ্ঠিত কৰিব বিচাৰিছো।”

ইয়াৰোপৰি প্ৰায় ১০ বছৰ ধৰি লতাশিল খেলপথাৰত প্লাষ্টিকৰ পাত্ৰত প্ৰসাদ বিতৰণ কৰাটো বন্ধ ৰখা বুলি আমাক জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে লতাশিল খেলপথাৰত পূজাৰ দিনকেইটাত ভক্তগণে মাটিৰ পাত্ৰত পানী খাব পাৰিব আৰু কল পটুৱাত ভোগ গ্ৰহণ কৰিব পাৰিব।

আনহাতে, স্বচ্ছতাৰ দিশটোৰ ওপৰতো চকু ৰখা হ’ব বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে পূজাৰ শেষত লতাশিল খেলপথাৰখন স্থানীয় সকলো ৰাইজ একত্ৰিত হৈ চাফ-চিকুণ কৰা হ’ব।

এইক্ষেত্ৰত সকলো পূজা কমিটীকে তেওঁ প্লাষ্টিক বৰ্জন কৰিবৰ বাবে আহ্বান জনাই সকলোৰে দায়িত্ব পালন কৰিবৰ বাবে কয়।

উল্লেখযোগ্য যে, এইবছৰ লতাশিল খেলপথাৰত বৃন্দাবনত নিৰ্মীয়মাণ বিশ্বৰ ওখ মন্দিৰ চন্দ্ৰদয়া মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে আৰু এইবছৰ লতাশিল পূজা কমিটীৰ বাজেট প্ৰায় ১৬ লাখ টকা।

আনহাতে, ভঙাগড়স্থিত চিলাৰায় নগৰ পূজা কমিটীয়েও প্লাষ্টিক বৰ্জনৰ বাবে পদক্ষেপ হাতত লোৱা দেখিবলৈ পোৱা গৈছে। তেওঁলোকে এইবাৰ পোনপ্ৰথমবাৰৰ বাবে এই পদক্ষেপ লোৱা বুলি জানিব পৰা গৈছে।

চিলাৰায় নগৰ পূজা কমিটীৰ সাধাৰণ সম্পাদিকা মিতালী ধৰে আমাৰ সাংবাদিকক কয় যে পূজা অনুষ্ঠিত হোৱা ঠাইখন প্ৰদূষণমুক্ত কৰি ৰাখিবৰ বাবে প্লাষ্টিকমুক্ত কৰি পূজাভাগ অনুষ্ঠিত কৰা হৈছে। লগতে ভোগৰ বাবে প্ৰয়োজনীয় সকলো পাত্ৰই মাটিৰে নিৰ্মিত বুলি তেওঁ জানিবলৈ দিয়ে। আনহাতে, প্লাষ্টিক গিলাচৰ সলনি কাগজৰ গিলাচ আৰু প্লাষ্টিকৰ পলিথিনৰ সলনি কাপোৰৰ কেৰিবেগ ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লৈছে উক্ত পূজা মণ্ডপত।