NORTHEAST NOW (Assamese)
অসম

বিদ্যুৎ বিভাগৰ  বৰ্ধিত মাচুলক লৈ সৰৱ ছাত্র মুক্তি সংগ্ৰাম সমিতি,শক্তি মন্ত্রীৰ পদত্যাগ দাবী

Posted by: মীনাক্ষী ফুকন,গোলাঘাট Updated by: মীনাক্ষী ফুকন,গোলাঘাট September 16, 2021 8:00 pm

গোলাঘাটত বিদ্যুৎ বিভাগৰ মাচুলে জ্বলা-কলা দেখুৱাইছে বিদ্যুৎ গ্ৰাহকক ।

বিদ্যুৎ বিভাগত সংঘটিত হোৱা এনেধৰণৰ ঘটনাক লৈ জাঙুৰ খাই উঠিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতৰ গোলাঘাট জিলা সমিতি।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি আকাশ দাৱে আজি এক সংবাদ মেল সম্বোধন কৰি কয় যে, বিদ্যুৎ বিল নিয়মীয়াকৈ পৰিশোধ কৰাৰ পাছত এই মাহৰ বিদ্যুৎ বিলত  একোঘৰ গ্ৰাহকৰ মাছুল ২০-৪৮ হাজাৰ পৰ্যন্ত বৃদ্ধি পাইছে ।

এই বিষয়ে গ্ৰাহকে বিদ্যুৎ বিভাগক অভিযোগ দিয়াৰ পাছত বিভাগৰ দোষ মানি লয় যদিও বিদ্যুৎ বিল সম্পূৰ্ণ কৰ্তনৰ বিপৰীতে ৫০% কৰ্তন কৰিয়েই দায়িত্ব সামৰে আৰু এনেকৈয়ে  এই পদ্ধতিৰে  বিদ্যুৎ গ্ৰাহকক মাধমাৰ শোধাই আহিছে সংশ্লিষ্ট বিভাগটোৱে ।

এনে এটা বিয়াগোম বিভাগত এনে গাফিলতি হোৱাৰ পিছতো মন্ত্ৰী বিমল বৰাই হাত সাৱটি বহি থকাতকৈ পদত্যাগৰ দাবী তোলে ছাত্ৰ মুক্তিয়ে ।

লগতে সংবাদ মেলত কয় যে , চলিত বৰ্ষৰ মাৰ্চ মাহলৈকে আৰক্ষী সঞ্চালক প্ৰধান কাৰ্যালয়ে ৩,৭২,০৭৭৭৬ টকা, আইজিপি বিশেষ কাৰ্যালয়ে ২৮৯১৫৮৭ টকা, মাধ্যমিক শিক্ষা সঞ্চালকালয় কাৰ্যালয়ে ১২৬৭০৬০৬ টকা, বন বিভাগে ৪৯৪০৮৫৭৩ টকা, জনস্বাস্থ্য কাৰিকৰী বিভাগে ২৬৩১২৫২৪১ টকা পৰিশোধ কৰা নাই যদিও বিদ্যুৎ কৰ্তন কৰা নাই বিভাগটোৱে ।

কিন্তু সৰ্বসাধাৰণ ৰাইজে ৩০০০ অধিক বিল হোৱাৰ লগে লগে বিদ্যুৎ কৰ্তন কৰে এই বিভাগটোৱে ।

এনে ক্ষেত্ৰত কোনো সু-ব্যৱস্থা গ্ৰহণ নকৰা বিভাগটোৰ মন্ত্ৰী বিমল বৰাক চোকা সমালোচনা কৰে সংগঠনটোৱে ।