NORTHEAST NOW (Assamese)
অসম

আলফা (স্বাঃ)ত যোগদান নে অপহৰণ? তিনিচুকীয়াৰ জাগুনত ২ জন যুৱকৰ সন্ধানহীনতাক লৈ চাঞ্চল্য

Posted by: মানস প্ৰতিম গগৈ October 14, 2018 11:08 pm
tinsukia

তিনিচুকীয়াৰ জাগুনৰ পৰা পবিত্ৰ গগৈ নামৰ এজন ব্যক্তিক আলফাই অপহৰণ কৰি নিয়া বুলি বাতৰি ওলোৱাৰ মাজতে আৰক্ষীয়ে লোকজনে নিষিদ্ধ সংগঠনটোত যোগ দিয়া বুলি কৰা দাবীক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

জানিব পৰা মতে জাগুনৰ টিৰাপ নদীৰ পাৰৰ ফুলবাৰীত থকা শিল ব্যৱসায়ী অৰুণ চেতিয়াৰ শিল ভঙা উদ্যোগত মহৰী হিচাপে কৰ্মৰত জাগুন আৰক্ষী চকীৰ অন্তৰ্গত ২নং ফানেং গাঁ‌ৱৰ নিবাসী তথা এটি এমহীয়া সন্তানৰ পিতৃ পবিত্ৰ গগৈয়ে শনিবাৰে সন্ধিয়া প্ৰায় ৬.৩০ বজাত কামৰ পৰা ঘৰলৈ যায়।

পিছত ১০ মিনিট মান সময় ঘৰত কটায়েই তেওঁ কিবা কাম থকা বুলি ঘৰৰ পৰা ওলাই আহোতেই ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰে।

সেই সময়ত গগৈ গৃহৰ সন্মুখত ৭-৮জনীয়া সশস্ত্ৰ দল এটা দেখিছিল একাংশ ৰাইজে। সেইসূত্ৰে গগৈক অপহৰণ কৰা বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে যদিও আৰক্ষীৰ এই কথা পোনছাটেই অস্বীকাৰ কৰিছে।

পবিত্ৰ গগৈয়ে আলফা স্বাধীনত যোগদান কৰিছে বুলিহে মন্তব্য কৰিছে তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্তই। আৰক্ষী বিষয়াজনে দাবী কৰিছে যে গগৈৰ লগতে একেখন গাঁ‌ৱৰে তেওঁৰ নিকট সম্পৰ্কীয় চন্দ্ৰ বুঢ়াগোহাঁই নামৰ যুৱকজনে আলফাত যোগদান কৰিছে।

শেহতীয়াকৈ আলফা স্বাধীনত উজনি অসমৰ বহু যুৱকে যোগ দিয়া বুলি প্ৰচাৰিত খবৰৰ মাজতে জাগুনৰ ঘটনাটো তাৎপৰ্য্যপূৰ্ণ বুলি পৰিগণিত হৈছে।