NORTHEAST NOW (Assamese)
অসম

অনিয়ম: AIDC ৰ উপ-প্ৰৱন্ধকক নিলম্বন

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী September 30, 2021 7:08 pm

অসম ঔদ্যোগিক উন্নয়ন নিগম (AIDC )ৰ উপ-প্ৰৱন্ধক জ্যোতিৰ্ময় বৰ্মণক নিলম্বন কৰা হৈছে।

কৰ্তব্যত গাফিলতি আৰু অনিয়মৰ অভিযোগতে বৰ্মণক নিলম্বিত কৰা হৈছে বুলি জানিব পৰা গৈছে।

AIDC ৰ পৰিচালন সঞ্চালকে জাৰি কৰা নিৰ্দেশনাত কোৱা হৈছে যে বোৰ্ড অৱ ডাইৰেক্টৰ্ছৰ বৈঠকতে বৰ্মণক নিলম্বন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

AIDC ৰ কৰ্মচাৰীৰ আচৰণ বিধিৰ ২০ নং নিয়ম অনুসৰি বৰ্মণক নিলম্বিত কৰা হৈছে।

নিলম্বনৰ সময়ছোৱাত বৰ্মণে AIDC ৰ কৰ্মচাৰীৰ আচৰণ বিধিৰ ২১ নং নিয়ম অনুসৰি তেওঁৰ পাবলগীয়া ধন আদি আদায় কৰিব পাৰিব বুলি নিৰ্দেশনাটোত কোৱা হৈছে।

বৰ্মণৰ বিৰুদ্ধে নানান অভিযোগ উত্থাপন হোৱাৰ লগতে AIDC ত নিযুক্তি প্ৰক্ৰিয়াত তেওঁ বিলম্ব ঘটোৱা বুলি অভিযোগ উঠিছিল।

তেনে অভিযোগ ভিত্তিতে অসম ঔদ্যোগিক উন্নয়ন নিগম (AIDC )ৰ উপ-প্ৰৱন্ধক জ্যোতিৰ্ময় বৰ্মণক নিলম্বন কৰা হৈছে।