বঙাইগাঁও জিলা কোচৰাজবংশী সংগ্ৰাম সমিতিৰ কাৰ্যনিৰ্বাহক সভা

বঙাইগাঁও জিলা কোচৰাজবংশী সংগ্ৰাম সমিতিৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা সংগঠনটোৰ বঙাইগাঁৱস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয়৷
বঙাইগাঁও জিলা কোচৰাজবংশী সংগ্ৰাম সমিতিৰ সভাপতি নাৰায়ণ মেধিৰ পৌৰহিত্যত অনুষ্ঠিত সভাত অহা ১২ ফেব্ৰুৱাৰীত ৫১২ সংখ্যক চিলাৰায় দিৱস বঙাইগাঁও চহৰৰ বৰপাৰা ৰাজহুৱা খেলপথাৰত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে৷
একেটা অনুষ্ঠানতে বঙাইগাঁও জিলা কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ প্ৰথম দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে৷
উল্লেখ্য যে সভাত অসম চৰকাৰে সদ্য গঠিত কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ (কেএচি) ৰ সীমা নিৰ্ধাৰণ অতিশীঘ্ৰে সম্পন্ন কৰাৰ দাবী উত্থাপন কৰে৷
লগতে কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰণৰ বিষয় সন্দৰ্ভত অহা ২০ ডিচেম্বৰত বঙাইগাঁও জিলাৰ উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিব বুলি প্ৰেছ বিবৃতিযোগে জানিব দিছে সংগঠনটোৰ সভাপতি নাৰায়ণ মেধি আৰু সাধাৰণ সম্পাদক বানেশ্বৰ বৰুৱাই৷