NORTHEAST NOW (Assamese)
অসম

তৈল নগৰী কঁপাই জিতেন-মৃণালৰ নিঃচৰ্ত মুক্তিৰ দাবীত বিশাল গণ মিছিল

Posted by: লক্ষ্মণ শৰ্মা Updated by: লক্ষ্মণ শৰ্মা November 13, 2018 8:18 pm
Jiten_Mrinal

আলফা নেতা মৃণাল হাজৰিকা আৰু জিতেন দত্তৰ নিঃচৰ্ত মুক্তিৰ দাবীত মঙলবাৰে ডিগবৈ কঁপাই তোলে তৈল নগৰীখনৰ ৰাইজৰ বিশাল প্ৰতিবাদী গণ মিছিলে।

আলফা নেতা দুজনৰ নিঃচৰ্ত মুক্তি আৰু অসম উত্তপ্ত কৰি তোলা বিজেপি উত্থাপিত নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত মুখৰিত হৈ পৰে কেইবা হাজাৰো প্ৰতিবাদী ৰাইজ।

এন আৰ চি, নাগৰিকত্ব বিধেয়কৰ লগতে বিভিন্ন বিষয়ত কৰা মন্তব্যৰে অসমত ধাৰাৱাহিক বিতৰ্কৰ সৃষ্টি কৰা হোজাইৰ বিজেপি বিধায়ক শিলাদিত্য দেবক গ্ৰেপ্তাৰ নকৰা সন্দৰ্ভত চৰকাৰক প্ৰশ্ন উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে।

“অসমত শান্তিপূৰ্ণভাৱে বাস কৰা অসমীয়া আৰু বাঙালী সম্প্ৰদায়ৰ মাজত ঘৃণা আৰু শত্ৰুতাৰ বীজ সিঁচি তেওঁ (শিলাদিত্যই) সাম্প্ৰদায়িক অস্থিৰতা সৃষ্টি কৰিব খুজিছে,” এই মন্তব্য ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা লক্ষ্যজ্যোতি গগৈৰ।

Digboi
ডিগবৈৰ প্ৰতিবাদৰ দৃশ্য। ছবি- নৰ্থ ইষ্ট নাও।

মুলৈবাৰীৰ পৰা ডিগবৈ চাৰিআলিৰ ত্ৰেফিক পইণ্টলৈকে প্ৰতিবাদী মিছিলটো আগবঢ়াৰ সময়ত তৈল নগৰীখনত আনকি স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ যায় বহু দোকান-পোহাৰ।

ত্ৰেফিক পইণ্টত প্ৰতিবাদকাৰীসকলে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি বিধায়ক শিলাদিত্য দেবৰ প্ৰতিকৃতি দাহ কৰে।

ডিগবৈ উন্নয়ন সমিতিৰ উদ্যোগত ‘ৰাইজৰ সংগঠিত গণ মিছিল’টোত স্থানীয় সংগঠন ডিগবৈ মহিলা মণ্ডলৰ লগতে যোগ দিয়ে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আছু, মৰাণ ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠনে।