NORTHEAST NOW (Assamese)
অসম

 লাহে লাহে উন্মোচিত হৈছে অগপৰ ‘মিত্ৰতা নকৰাৰ সংকল্প’ৰ স্বৰূপ!! প্ৰাৰ্থী নিদিয়ে অশোক সিংঘালৰ সমষ্টি ঢেকীয়াজুলিত

Posted by: এন ই নাও নিউজ November 14, 2018 11:54 am
atul bora

অগপই অসমৰ জনগণৰ চকুত অকলশৰীয়াকৈ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱা দেখুৱাবলৈ গৈ যি ‘মিত্ৰতা নকৰাৰ সংকল্প’ৰ কথা কৈছিল সি যে এটা বৃহৎ ফাঁকি সেয়া লাহে লাহে উন্মোচিত হ’বলৈ ধৰিছে। দলটোৱে বিভিন্ন জিলাত কৌশলেৰে বিজেপিৰ সৈতে ভিতৰুৱা বুজাবুজি কৰা বুলি অভিযোগ আনিছে খোদ দলীয় কৰ্মীয়েই। আনকি বহু ঠাইত দলটোৱে প্ৰাৰ্থী দিয়াৰ পৰাই বিৰত হৈ আছে।

ঢেকীয়াজুলিত দলৰ এনেকুৱা দুমুখীয়া স্থিতি ইতিমধ্যে প্ৰকট হৈ পৰিছে আৰু তাৰ বাবে আঞ্চলিক দলটোৰ তৃণমূল পৰ্য্যায়ৰ কৰ্মী আৰু সমৰ্থকসকল হতাশ আৰু ক্ষুব্ধ হৈ পৰিছে।

আমাৰ হাতত পৰা খবৰ মতে, সমষ্টিটোৰ বহু সংখ্যক অগপ কৰ্মীয়ে আজি সমূহীয়াকৈ দলত্যাগ কৰাৰ সম্ভাৱনা আছে। দলটোৱে বিধানসভা সমষ্টিটোৰ অন্তৰ্গত এখনো জিলা পৰিষদ আৰু গাওঁ পঞ্চায়তত নিজা প্ৰাৰ্থী নিদিয়ে বুলি খবৰ পোৱাৰ পিছতে কৰ্মীসকল ক্ষুভিত হৈ পৰে আৰু আলোচনা কৰি এই সিদ্ধান্তত উপনীত হয়।

মন কৰিব লগীয়া যে বিগত বিধানসভা নিৰ্বাচনতো সমষ্টিটো বিজেপিক এৰি দিছিল দলীয় নেতৃত্বই আৰু তেতিয়াও ইয়াৰ বিৰোধিতা কৰিছিল তৃণমূলৰ কৰ্মীয়ে। অৱশ্যে, অগপৰ তৃণমূল কৰ্মীৰ বিৰোধিতা সত্ত্বেও অগপৰ শীৰ্ষ নেতৃত্বৰ আশীৰ্বাদত অশোক সিংঘাল নামৰ অনা-অসমীয়া প্ৰাৰ্থীজনক জিকাই আনিবলৈ সক্ষম হৈছিল বিজেপি।

কিন্তু এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ প্ৰাক মুহূৰ্তলৈকে দলটোৰ কৰ্মীসকলে তেওঁলোকৰ নিজা প্ৰাৰ্থী পাম বুলি ভাবি আছিল। দলীয় নেতৃত্বৰ বিজেপিৰ সৈতে মিত্ৰতা নকৰাৰ সিদ্ধান্তই উৎসাহিত কৰিছিল তৃণমূলৰ নেতা-কৰ্মীক। কিন্তু শেষমুহূৰ্তত বিল্ডাৰ, ঠিকাদাৰ বিধায়ক অশোক সিংঘালৰ ওচৰত অগপৰ নেতৃত্বই নতশিৰ কৰা বুলি অভিযোগ আনিছে তৃণমূল কৰ্মী আৰু সমৰ্থকসকলে। তেওঁলোকে ইয়াক নিৰ্লজ্জ আত্মসমৰ্পণ আখ্যা দিছে।

কেৱল ঢেকীয়াজুলিতেই নহয়, আন বহুকেইখন জিলা আৰু বিধানসভা সমষ্টিত অগপই ভিতৰুৱা বুজাবুজি ইতিমধ্যে নিশ্চিত কৰা বুলি খবৰ পোৱা গৈছে।