NORTHEAST NOW (Assamese)
অসম

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সমৰকলা প্ৰতিযোগিতালৈ নিৰ্বাচিত বঙাইগাঁৱৰ আদিমুল হক; চৰকাৰ, দল-সংগঠনলৈ সহায়ৰ আহ্বান

Posted by: ইয়াছিন আলী November 14, 2018 2:51 pm
Adimul Haque

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সমৰ কলা প্ৰতিযোগিতা অংশগ্ৰহণৰ বাবে সুযোগ লাভ কৰিছে বঙাইগাঁও জিলাৰ গোসাঁইগাঁৱৰ উদীয়মান খেলুৱৈ আদিমুল হকে। ষষ্ঠমান শ্ৰেণীৰ পৰাই সমৰ কলাত আগ্ৰহী আদিমুলে ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা ৰাজ্যিক, উত্তৰ-পূৰ্বাঞ্চল, এছিয়ান তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমৰ কলা প্ৰতিযোগিতাত বঁটা লাভ কৰি অসমলৈ সুনাম কঢ়িয়াই আনিছে।

অতি দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা আব্দুল মান্নাফৰ পুত্ৰ আদিমুল হকে ২০১৯ৰ ১৭ জানুৱাৰিত গোৱাত অনুষ্ঠিত হ’ব লগা আন্তঃৰাষ্ট্ৰীয় সমৰকলা প্ৰতিযোগিতলৈ নিৰ্বাচিত হৈছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিৰ্বাচিত হোৱাত আনন্দত আত্মহাৰা হৈ পৰিছে আদিমুলৰ লগতে পিতৃ আৰু স্থানীয় বাসিন্দা।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সু-নাম কঢ়িওঁৱাৰ আশা বুকুত লৈ আদিমুলে প্ৰতিদিনে মানাহ নদীৰ পাৰত অব্যাহত ৰাখিছে নিজৰ অনুশীলন।

কিন্তু আৰ্থিক অভাৱৰ বাবে এতিয়া চিন্তিত হৈ পৰিছে আদিমুল হক। প্ৰতিযোগিতাখনত অংশগ্ৰহণত যাতে অৰ্থ হেঙাৰ হৈ থিয় নিদিয়ে তাৰ বাবে এতিয়া চৰকাৰ বা কোনো দল-সংগঠনৰ তৰফৰ পৰা আৰ্থিক সাহায্য বিচাৰি কাতৰ অনুৰোধ জনাইছে আদিমুলৰ পিতৃয়ে।

ইফালে যদি কোনোবা সুহৃদয় ব্যক্তিয়ে প্ৰতিভাৱান আদিমুলক সহায় কৰিব বিচাৰে তেন্তে ৮৪৭১৯-৩১৬৬২, ৯৯৫৭২-৬৬২৯৭, ৭৩৯৯৯-৮৬০৩৫ নম্বৰত যোগাযোগ কৰিবলৈও পৰিয়ালৰ লোকে আহ্বান জনায়।