NORTHEAST NOW (Assamese)
অসম

পঞ্চায়ত নিৰ্বাচন : বাঘবৰৰ অৰ্ধ শতাধিক কংগ্ৰেছ-এ আই ইউ ডি এফ কৰ্মীৰ বিজেপিত যোগদান

Posted by: পুলেন্দ্ৰ দাস November 14, 2018 8:57 pm

সমাগত পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাতে এই নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা।

এই উদ্দেশ্যে বিজেপিৰ সাংগঠনিক ভেটি নথকা বৰপেটা জিলাৰ বাঘবৰত বিজেপিৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে দলটোৱে আৰম্ভ কৰিছে বিশেষ কৌশল।

আনহাতে সন্ধিয়া আজি বিজেপি দলৰ প্ৰতি আকৃষ্ট হৈ বাঘবৰৰ শতাধিক কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ কৰ্মীয়ে বিজেপি দলত যোগদান কৰে।

ড০ আব্দুল বাৰিকৰ নেতৃত্বত অসম ঔদ্যোগিক নিগমৰ উপাধ্যক্ষ ততা বাঘবৰ সমষ্টিৰ বিজেপি দলৰ তত্বাৱধায়ক জিতু তালুকদাৰে বিজেপিৰ জিলা কাৰ্যালয়ত কংগ্ৰেছ আৰু এ আই ইউ ডি এফ কৰ্মী সকলক বিজেপি দলত যোগদান কৰায়।

আনহাতে বাঘবৰৰ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীৰ দুৰ্নীতি আৰু স্বজনপ্ৰীতিত অতিষ্ঠ হৈ কংগ্ৰেছ কৰ্মীসকলে বিজেপিত যোগদান কৰা বুলি বাঘবৰ সমষ্টিৰ বিজেপি দলৰ তত্বাবধায়ক গৰাকীয়ে জানিবলৈ দিয়ে। যোগদান পৰ্বত অসম বিত্তীয় নিগমৰ উপাধ্যক্ষ অনিল দাসৰ লগতে অন্যান্য নেতাসকল উপস্থিত থাকে।