বিধেয়কৰ বিৰুদ্ধে গোজৰণি, এনডিএফবি-ত যোগদানৰ মুকলি আহ্বান বড়ো বিদ্ৰোহী নেতাৰ

নাগৰিকত্ব বিধেয়কে আলফা (স্বাঃ)ত ‘নতুন প্ৰাণ’ দিয়া বুলি আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্য্যই মন্তব্য কৰাৰ পৰতে বিধেয়কৰ বিৰুদ্ধে গুজৰি উঠি বড়ো যুৱক-যুৱতীক এন ডি এফ বি-ত যোগদানৰ আহ্বান জনাইছে আলোচনা বিৰোধী বিদ্ৰোহী নেতা চাওৰাগৌৰাই।
“আমি এন দি এফ বি-এ নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰিছো। বড়োকে ধৰি সকলো খিলঞ্জীয়া জনজাতি আৰু অসমৰ ৰাইজক আমি নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে থিয় দিবলৈ আহ্বান জনাইছো। বড়ো ৰাইজক বচোৱাৰ স্বাৰ্থত আৰু আমাৰ জন্মস্বত্ব অধিকাৰসমূহ ৰক্ষাৰ বাবে প্ৰত্যেক বড়ো পৰিয়ালৰ এজনকৈ যুৱক-যুৱতীয়ে এন দি এফ বি-ত যোগ দিয়ক,” এই আহ্বান আলোচনা বিৰোধী বিদ্ৰোহী সংগঠনটোৰ অধ্যক্ষ বি চাওৰাগৌৰাৰ।
অসমৰ খিলঞ্জীয়াই সৰ্বাত্মক বিৰোধ কৰা, বিজেপি-চৰকাৰ উত্থাপিত এই বিধেয়ক গৃহীত হ’লে ‘নিজৰ পূৰ্ব পুৰুষৰ ভূমিতে জীৱন নিৰ্বাহ কৰা আমাৰ বাবে কঠিন হ’ব’ বুলিও মন্তব্য কৰিছে চাওৰাগৌৰাই।
তেওঁ লগতে কয় ভূমিপুত্ৰ খিলঞ্জীয়াসকল নিজৰ ভূমিত শান্তিত থাকিব খোজে। “আমাৰ নিজস্ব পৰিচয়, ভাষা আৰু চহকী সাংস্কৃতিক ঐতিহ্য আছে আৰু আমি আমাৰ মাজতে সিবোৰক সুৰক্ষিত কৰিব খোজো, সেয়ে আমি ভাৰতীয় সম্প্ৰদায়ৰ পৃথক অংশ,” চাওৰাগৌৰাৰ মন্তব্য।
ভাৰতৰ বাহিৰৰ কোনো অজ্ঞাত স্থানত বড়োলেণ্ড আৰ্মিৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচীত বুধবাৰে এই আহ্বান জনাইছে বিদ্ৰোহী নেতাজনে। অনুষ্ঠানটোত এন দি এফ বি-ত যোগ দিয়া নতুন সদস্যসকলকো সংগঠনলৈ আদৰণি জনাই চাওৰাগৌৰাই।
১৯৮৯ চনৰ ১৪ নৱেম্বৰত বড়োলেণ্ড আৰ্মিৰ প্ৰথমটো গোটে প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছিল। ভাৰতৰ ‘দখল’ৰ পৰা বড়োভূমিক মুক্ত কৰাৰ সংকল্পৰে সেই বছৰৰে ২৬ অক্তোবৰত এন দি এফ বিৰ প্ৰথমটো গোটে সামৰিক প্ৰশিক্ষণ আৰম্ভ কৰিছিল।