NORTHEAST NOW (Assamese)
অসম

নাগ্ৰীজুলিত ভয়ংকৰ দুৰ্ঘটনা: বনভোজকাৰীৰ বাছৰ খুন্দাত নিহত চাইকেল আৰোহী

Posted by: দীপক কুমাৰ পাঠক, বাক্সা Updated by: দীপক কুমাৰ পাঠক, বাক্সা December 18, 2021 4:22 pm

বাক্সাৰ নাগ্ৰীজুলিত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত হৈছে এজন লোক।

বাক্সাৰ নাগ্ৰীজুলিৰ কলেজ চকত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা।

থিতাতে নিহত হয় এজন চাইকেল আৰোহী।

বনভোজলৈ অহা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ভৰ্তি তীব্ৰ বেগী বাছৰ খুন্দাত নিহত হয় লোকজন।

বহু সময় ধৰি ৰাজপথতে পৰি ৰয় মৃত লোকজনৰ মঙহৰ টুকুৰা।

বৰপেটা জিলাৰ বালিকুৰি আঞ্চলিক হাইস্কুলৰ পৰা ভূটান সীমান্তৰ বগামাটি অভিমুখে অহা AS-15AC- 1040 নম্বৰৰ এখন আলট্ৰা বাছৰ খুন্দাত নিহত হয় লোকজন।

তামুলপুৰ-ওদালগুৰি পথেৰে বগামাটিলৈ গৈ থকা অৱস্থাত সংঘটিত হয় পথ দুৰ্ঘটনাটো।

কথমপি প্ৰাণৰক্ষা পৰে বাছ খনৰ ভিতৰত থকা ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সকলৰ।

দুর্ঘটনাটোৰ পিছতে যথেষ্ট আতংকিত হৈ পৰে বনভোজলৈ অহা ছাত্ৰ-ছাত্ৰী সকল।

ঘটনাস্থলীত উপস্থিত হৈ তামুলপুৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি কলিতাৰ লগতে আৰক্ষীৰ লোকে মৃতদেহটো তামুলপুৰ আৰক্ষী থানাত লৈ গৈছে।
এই পৰ্যন্ত মৃতদেহটো চিনাক্ত হোৱা নাই যদিও নাগ্ৰীজুলি অঞ্চলৰ বুলিয়ে সন্দেহ কৰা হৈছে।