NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত দুটাকৈ এশিঙীয়া গঁড়ৰ মুক্ত বিচৰণ, আতংকিত স্থানীয় লোক

Posted by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ Updated by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ December 18, 2021 4:01 pm
শিৱসাগৰত দুটাকৈ এশিঙীয়া গঁড়ৰ মুক্ত বিচৰণ, আতংকিত স্থানীয় লোক

এইবাৰ কাজিৰঙাত নহয়, বিশ্ব বিখ্যাত এশিঙীয়া গঁড়ে মুক্ত বিচৰণ কৰিছে শিৱসাগৰত।

আজি কিছুদিন ধৰি দুটা গঁড়ে বিচৰণ কৰিছে শিৱসাগৰৰ দিখৌমুখ, দিকচৌ, খড়াগড়ত।

হয়, দুদিন পূৰ্বে এটা গঁড় শিৱসাগৰৰ দিখৌমুখ, ৰূপহীমুখত মুক্ত ভাৱে বিচৰণ কৰা দেখিবলৈ পাই গঞা ৰাইজে বন বিভাগক খবৰ দিছিল।

বন বিভাগে দিখৌমুখ অঞ্চলত গঁড়টোৰ সন্ধান কৰি থাকোতেই শুকুৰবাৰৰ নিশা দুটা গঁড় নামতিৰ দিকচৌ অঞ্চলত বিচৰণ কৰাৰ খবৰ লাভ কৰে বন বিভাগে।

খবৰ পোৱাৰ পিছতেই বন বিভাগৰ দল এটাই দিকচু অঞ্চলত গঁড় বিচাৰি অভিযান চলায় যদিও বৰ্তমান সময়লৈকে গঁড় দুটাৰ সন্ধান লাভ কৰা নাই।

কি পৰিস্থিতিত ক’ৰ পৰা গঁড় দুটা শিৱসাগৰ আহি পালেহি ইয়াক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ।