NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰ ৰাজহ চক্ৰ কাৰ্য্যালয়ত দুৰ্নীতি নিবাৰকৰ অভিযান, জালত লাট মণ্ডল

Posted by: এন ই নাও নিউজ November 16, 2018 4:53 pm
Kaliabor

কলিয়াবৰ ৰাজহ চক্ৰ কাৰ্যালয়ত বৃ্হস্পতিবাৰে অসম আৰক্ষীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত গ্ৰেপ্তাৰ হৈছে প্ৰফুল্ল বৰা নামৰ এজন লাট মণ্ডল।

নজৰুল ইছলাম নামৰ এজন লোকৰ পৰা মাটিৰ নামজাৰিৰ নামত নগদ ১৫ হাজাৰ টকা লোৱা অৱস্থাত মণ্ডলজনক হাতে-লোটে ধৰা পেলোৱা বুলি অভিযানকাৰী দলে দাবী কৰিছে।

অভিযোগ অনুসৰি বৰঘূলিৰ লাট মণ্ডল বৰাই কুৱঁৰীটোলৰ গোস্বামী হোটেলত মাটিৰ নামজাৰি কৰাৰ নামত ইছলামৰ পৰা ধনখিনি উৎকোচ হিচাপে লৈছিল।

বৰাৰ বিৰুদ্ধে এক গোচৰ (২৩/২০১৮ নং) ৰুজু কৰিছে আৰক্ষীয়ে। শনিবাৰে তেওঁক বিশেষ আদালতত হাজিৰ কৰোৱা হ’ব।

অত্যন্ত ঘোচখোৰ বুলি ৰাইজে অভিযোগ কৰি অহা ৰাজহ বিভাগৰ বিভিন্ন কাৰ্য্যালয়ত ইয়াৰ পূৰ্বেও দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই কেইবাজনো মণ্ডলক আটক কৰিছিল।

যোৱা ২৪ অক্টোবৰত দিচপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ৪০ হেজাৰ টকা উৎকোচ লৈ ধৰা পৰিছিল লাট মণ্ডল ইণ্টাৰুদ্দিন আহমেদ।

শেহতীয়াকৈ ধৃত মণ্ডল প্ৰফুল্ল বৰাৰ চামগুৰিৰ ভেলেউগুৰিস্থিত বাসগৃহতো নিশা দুৰ্নীতি নিবাৰকে অভিযান চলাই বহু আপত্তিজনক নথি-পত্ৰ জব্দ কৰিছে বুলি জানিব পৰা গৈছে।

আনহাতে ধৃত মণ্ডলজন চামগুৰিৰ নিজ ভেলেউগুৰি বুথৰ এটা ৰাজনৈতিক দলৰ সভাপতি বুলি স্থানীয় ৰাইজৰ পৰা জানিব পৰা গৈছে। আনকি তেওঁ বিগত বৰ্ষত কলিয়াবৰত বান সাহায্য বিতৰণৰ দুৰ্নীতিটো অভিযুক্ত আছিল।