NORTHEAST NOW (Assamese)
অসম

এনআৰচিত অন্তৰ্ভুক্ত নোহোৱাসকলক কর্ম অনুজ্ঞাপত্ৰ প্ৰদানৰ বিষয়ত কেন্দ্ৰৰ বিবেচনা

Posted by: এন ই নাও নিউজ November 17, 2018 10:14 am
NRC-750x375

অসমৰ এনআৰচিত অন্তৰ্ভুক্ত নোহোৱাসকলক কর্ম অনুজ্ঞাপত্ৰ (Work Permit) প্ৰদানৰ বিষয়ত কেন্দ্ৰই বিৱেচনা কৰি আছে। এই কৰ্ম অনুজ্ঞাপত্ৰৰ সহায়ত অসমৰ এনআৰচিৰ পৰা বাদ পৰা লাখ লাখ লোকে ৰাজ্যখনত কাম কৰাৰ আৰু বাস কৰিৰ অধিকাৰ লাভ কৰিব। অৱশ্যে এই কৰ্ম অনুজ্ঞাপত্ৰই হিতাধিকাৰীক ভোট প্ৰদানকে ধৰি আন আন নাগৰিক আন আন অধিকাৰ প্ৰদান নকৰে।

এই কৰ্ম অনুজ্ঞাপত্ৰই নথিভুক্ত বিদেশীক আশ্ৰয় প্ৰদান কৰিব বুলি একাংশই যুক্তি দৰ্শাইছে। আনহাতে যিহেতু অবৈধ বিৱেচিত হোৱা নাগৰিকসকলক সংশ্লিষ্ট দেশলৈ ওভোতাই পঠোৱাত থকা মানৱীয় আৰু ৰচদপাতিগত অসুবিধা থকা হেতুকে এই কৰ্ম অনুজ্ঞাপত্ৰ এটা মধ্যমপন্থা হ’ব বুলি ধাৰণা কৰা হৈছে।

কেবল অসমতেই নহয় সমগ্ৰ দেশতেই অবৈধ বাংলাদেশীক চিনাক্ত কৰি ওভোতাই পঠোৱাৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ অহা বিজেপিৰ বাবে এয়া এটা বৃহৎ ৰাজনৈতিক প্ৰত্যাহ্বান হিচাপে দেখা দিছে।

কৰ্ম অনুজ্ঞাপত্ৰৰ সূত্ৰটোৱে দাবী কৰিছে যে ইয়ে বিৰোধীৰ পৰা বৃহৎ প্ৰত্যাহ্বানৰ মুখামুখী হোৱাতো নিশ্চিত ইয়ে লাখ লাখ লোকক অধিকাৰৰ পৰা বঞ্চিতও কৰিব।

উল্লেখ্য যে অসম চুক্তি অনুসৰি, কেন্দ্ৰই ১৯৭১ৰ মাৰ্চৰ পাছত অসমত প্ৰৱেশ কৰা লোকসকলক চিনাক্ত কৰালআৰু তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ দিয়াৰ লগতে তেওঁলোকক দেশান্তৰিত কৰাৰ চুক্তি কৰা হৈছিল।

চলিত বৰ্ষৰ ৩০ জুলাই প্ৰকাশিত এনআৰচিৰ অন্তিম খচৰাত ৪০ লাখ লোক বাদ পৰিছিল আৰু তাকে লৈ দেশত তুমুল ৰাজনৈতিক উখল মাখলৰ সৃষ্টি হৈছিল।

অৱশ্যে কৰ্ম অনুজ্ঞাপত্ৰ প্ৰদান কৰাটো নতুন ধাৰণা নহয়। যেতিয়া উপ প্ৰধান মন্ত্ৰী লালকৃষ্ণ আদৱানি গৃহবিভাগৰ দায়িত্বত আছিল তেতিয়া অটল বিহাৰী বাজপায়ীৰ নেতৃত্বাধীন চৰকাৰেও কৰ্ম অনুজ্ঞাপত্ৰৰ বিষয়টো বিৱেচনা কৰিছিল।

কিন্তু বাজপায়ীৰ পাছত ২০০৪ চনত কংগ্ৰেছ নেতৃত্বাধীন য়ুপিএ শাসনলৈ অহাৰ পাছত এই প্ৰস্তাৱটোৱে ইয়াৰ অগ্ৰাধিকাৰ হেৰুৱাইছিল।