NORTHEAST NOW (Assamese)
অসম

বোকাখাতত শোকাৱহ পথ দুৰ্ঘটনা; ট্ৰাকৰ খুন্দাত ঘটনাস্থলীতেই যুৱকৰ মৃত্যু

Posted by: উত্তম শইকীয়া November 18, 2018 9:24 am
Bike accident bokakhat

আজি পুৱায়েই বোকাখাতৰ লতাবাৰীত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত ভৈৰৱ দাস নামৰ এজন যুৱকৰ ঘটনাস্থলীতেই মৃত্যু হ’বলগীয়া হয়।

পুৱা পালচাৰ মটৰ চাইকেল লৈ লতাবাৰীলৈ বুলি ওলাই যোৱা ভৈৰৱ দাসৰ মটৰ চাইকেলৰ সৈতে এখন ট্ৰাকৰ সংঘৰ্ষৰ ফলতে যুৱকজনে প্ৰাণ হেৰুৱাবলগা হ’ল বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।

প্ৰত্যক্ষদৰ্শীৰ মতে দাসে এ এছ-০৩ এফ-১৩১১ নম্বৰৰ পালচাৰ বাইকেৰে লতাবাৰীৰ ৰামধেনু পেট্ৰল পাম্পত তেল ভৰাবলৈ যাওঁতেই বিপৰীত দিশৰ পৰা অহা জি জে-০৫ বি এক্স-৯২৩৭ নম্বৰৰ ট্ৰাকখনৰ লগত সংঘৰ্ষৰ লাগে।

বোকাখাত আৰক্ষীয়ে নিহত যুৱকজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে। তদুপৰি দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনক বোকাখাত আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে।

উল্লেখযোগ্য যে বোকাখাত নগৰত এখন সৰু দোকান খুলি ব্যৱসায় চলাই থকা বোকাখাত নগৰৰ দ’ গাঁৱৰ নিৱাসী ভৈৰৱ দাস আজি কিছুদিন পুৰ্বে বিবাহপাশত আবদ্ধ হৈছিল। সৰবৰহী যুৱকজনৰ মৃত্যুত বোকাখাত নগৰত শোকৰ ছাঁ পৰিছে।