NORTHEAST NOW (Assamese)
অসম

সংখালঘু কল্যাণ আৰু বিকাশৰ বাবে ধাৰ্য কৰা আঁচনি ৰূপায়ণত ব্যাপক বিসংগতিৰ অভিযোগ

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক November 19, 2018 5:44 pm
Assam BJP spokesperson Maminul Awal

ৰাজ্যৰ সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধীনত ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ যুৱক-যুৱতীৰ কল্যাণ আৰু বিকাশৰ নামত লোৱা আঁচনি ৰূপায়নত ব্যাপক বিসংগতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। কৃষক শ্ৰমিক উন্নয়ন পৰিষদ, অসমৰ সভাপতি প্ৰদীপ কলিতাই এক আৰ টি আই যোগে লাভ কৰা তথ্যত পোহৰলৈ আহিছে এই কথা।

সংখ্যালঘু উন্নয়ন ব’ৰ্ডে চলিত বৰ্ষত ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ নিবনুৱা যুৱক-যুৱতীক এ এন এম, জি এন এম, বি এছ চি নাৰ্ছিং, ডি ফাৰ্ম আৰু বি ফাৰ্ম, ডি এম এল টি আৰু বি এম এল টি, ডি টি পি আৰু বি পি টি, আই চি ইউ/অ’টি ডাইল’চিচ টেকনিশ্যিয়ানৰ শিক্ষা প্ৰদানৰ বাবে আঁচনি ঘোষণা কৰিছিল। ব’ৰ্ডে যোৱা ৯ জুলাইৰ ভিতৰত ইচ্ছুক প্ৰাৰ্থীক আবেদন কৰিবলৈ আহ্বান জনাই বাতৰি কাকতত বিজ্ঞাপনো প্ৰকাশ কৰা কৰিছিল।

উল্লেখ্য যে, এই পাঠ্যক্ৰম সমুহৰ বাবে ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীসকলক অসম সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ ৯০ শতাংশ অৰ্থ সাহাৰ্যত শিক্ষা প্ৰদান কৰাৰ কথা আছিল। ছাত্ৰ-ছাত্ৰীয়ে এই পাঠ্যক্ৰমত নামভৰ্তীৰ বাবে মাত্ৰ ১০ শতাংশ খৰচ বহন কৰিবলগীয়া আছিল।

আচৰিত হ’বলগীয়া কথাটো হ’ল, ব’ৰ্ডে ছাত্ৰ-ছাত্ৰীসকলৰ পৰা যোৱা জুলাই মাহতে আবেদন গ্ৰহণ কৰিলে যদিও আঁচনি অনুসৰি ব’ৰ্ডে খৰচ কৰিবলগীয়া ৯০ শতাংশ ধনৰ বাবে বিত্ত বিভাগৰ পৰা কোনো পুঁজি ধাৰ্য হোৱা নাই। এই কথা প্ৰদীপ কলিতাই আবেদন কৰা আৰ টিৰ উত্তৰত প্ৰকাশ পাইছে।

কলিতাৰ অভিযোগ অনুসৰি আজি পৰ্যন্ত নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীসকলৰ পাঠ্যক্ৰম আৰম্ভ হোৱা নাই। লগতে ছাত্ৰ-ছাত্ৰীসকলক ক’ত শিক্ষা প্ৰদান কৰা হ’ব তাৰ বাবে প্ৰতিষ্ঠানো আনকি স্থিৰ হোৱা নাই বুলি কলিতাই অভিযোগ উত্থাপন কৰে।

কলিতাই কয়, ‘’সংখ্যালঘু উন্নয়ন ব’ৰ্ডে এই ছাত্ৰ-ছাত্ৰীসকলক কণা হাঁহক পতান দিয়াৰ দৰে কৰিছে। তেওঁলোকক শিক্ষা প্ৰদানৰ বাবে কোন কোন প্ৰতিষ্ঠানত নামভৰ্তীৰ ব্যৱস্থা কৰিব তাৰ বাবে নিবিদা আহ্বান কৰিব লাগে। নিবিদা অনুযায়ী যিকেইখন প্ৰতিষ্ঠানে ছাত্ৰ-ছাত্ৰীসকলক নামভৰ্তী কৰোৱাৰ বাবে অনুমতি পায় সেই অনুসৰি নামভৰ্তী কৰাব। কিন্তু আজিলৈ নিবিদা আহ্বানেই হোৱা নাই।‘’

ইপিনে, ছাত্ৰ-ছাত্ৰীসকলৰ বাচনিৰ বাবে কোনো ধৰণৰ সাক্ষাৎকাৰ অনুষ্ঠিত নকৰা বুলিও কলিতাই জানিবলৈ দিয়ে। যাৰ বাবে যোগ্য প্ৰাৰ্থী বঞ্চিত হোৱা বুলিও তেওঁ অভিযোগ কৰে।

আনহাতে, প্ৰদীপ কলিতাৰ এই অভিযোগ ভিত্তিহীন আখ্যা দিয়ে অসম সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ মুমিনুল আৱালে।

আৱালে কয়, ‘‘নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্তী হৈ গৈছে আৰু তেওঁলোকৰ পাঠ্যক্ৰম চলি আছে। গুৱাহাটীৰ কেইবাটাও প্ৰতিষ্ঠানত তেওঁলোকৰ পাঠদান চলি আছে। প্ৰতিষ্ঠান কেইটাও নিবিদাৰ জৰিয়তেই বাচনি কৰা হৈছিল।‘’

আৱালে গুৱাহাটীৰ, প্ৰতীক্ষা হাস্পতাল, দিচপুৰ হাস্পতাল, এছিয়ান ইষ্টিটিউট অৱ নাৰ্ছিং এডুকেশ্যনকে ধৰি শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত কেইবাটাও প্ৰতিষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কৰি থকা বুলি কয়। লগতে এই পাঠ্যক্ৰম সমুহৰ নামভৰ্তীৰ বাবে সাক্ষাৎকাৰৰ সলনি ছাত্ৰ-ছাত্ৰীসকলৰ মেধাৰ ভিত্তিত নামভৰ্তী কৰোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।

কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে এই আঁচনিৰ বাবে পুঁজিৰ আৱন্টন নোহোৱাকৈ অসম সংখ্যালঘু উন্নয়ন ব’ৰ্ডে বিভিন্ন প্ৰতিষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা প্ৰদান কৰাই আছে কেনেকৈ?

দ্বিতীয়তে, যদি প্ৰতিষ্ঠান বাচনিৰ বাবে নিবিদা আহ্বান কৰা হৈছিল তেনেহ’লে প্ৰদীপ কলিতাৰ আৰ টি আইৰ উত্তৰত নিবিদাৰ তথ্য ব’ৰ্ডে দিব পৰা নাছিল কিয়?

এই সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰদীপ কলিতাই এক উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ বাবে মুখ্য মন্ত্ৰীক আহ্বান জনায়।